অসম

assam

ETV Bharat / bharat

দিল্লীত পুনৰ ভূমিকম্পৰ জোকাৰণি - গাজিয়াবাদ

শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত দিল্লীৰ লগতে নয়ডা, গাজিয়াবাদ আদি অঞ্চলৰ লোকসকলে ভূমিকম্পৰ কম্পন অনুভৱ কৰে। ইয়াৰ পূৰ্বে দিল্লীত ধাৰাবাহিকভাৱে কেইবাবাৰো ভূমিকম্প অনুভূত হৈছিল।

 Earthquake
Earthquake tremors felt in Delhi, nearby areas Noida, Ghaziabad

By

Published : Jul 3, 2020, 9:44 PM IST

নিউজ ডেস্ক, ৩ জুলাইঃ শুকুৰবাৰে ৰাজধানী দিল্লীত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে সন্ধিয়া প্ৰায় ৪.৭ ৰিখটাৰ স্কেলত ভূমিকম্প অনুভূত হয়। বিগত ২-৩ মাহত ১৯ বাৰৰ বাবে অনুভূত হয় ভূমিকম্প । প্ৰায় প্ৰতিটো ভূমিকম্পৰ উৎপত্তিস্থল ৰাজস্থানৰ আলৱাৰ বুলি জানিব পৰা গৈছে।

লাভ কৰা তথ্য অনুসৰি, সন্ধিয়া প্ৰায় ৭ বজাত দিল্লীৰ লগতে নয়দা, গাজিয়াবাদ আদি অঞ্চলৰ লোকসকলে কম্পন অনুভৱ কৰে। বিগত সময়ত হোৱা ভূমিকম্পৰ তুলনাত আজি হোৱা ভূমিকম্পৰ জোকাৰণি অলপ বেছি আছিল বুলি জানিব পৰা গৈছে। তদুপৰি বহু লোকে ভূমিকম্পৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে।

দিল্লীত পুনৰ ভূমিকম্পৰ জোকাৰণি

উল্লেখ্য যে, ২৯ মে'তো ৪.৬ ৰিখতাৰ স্কেলত ৰাজধানী চহৰখনত ভূমিকম্প অনুভূত হৈছিল। এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ হাৰিয়াণা ৰোহটাক আছিল। ইয়াৰ পাছত পুনৰ ১৫ জুনত ২.২ ৰিখতাৰ স্কেলত দিল্লীত ভূমিকম্প অনুভূত হৈছিল আৰু উত্তৰ-পূৱ দিল্লীৰ ৱাঝিপুৰ আছিল এই ভূমিকম্পটোৰ অভিকেন্দ্ৰ। একেটা অঞ্চলতে বিগত ১২ আৰু ১৩ এপ্ৰিলতো ৩.৫ আৰু ২.৭ ৰিখতাৰ স্কেলত ভূমিকম্প অনুভূত হৈছিল।

লগতে পঢ়ক : সামাজিক দূৰত্বক আওকাণ : শ্বেখ মুফতি মহম্মদ খাইৰুলৰ জানাজাত উপস্থিক সহস্ৰাধিক লোক

ABOUT THE AUTHOR

...view details