নিউজ ডেস্ক, 18 জুলাইঃ দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিললৈ যাব দেশৰ বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰ ৷ অহা 25 জুলাইৰ পৰা 26জুলাইত দেশখনৰ ৰাজধানী ৰিঅ' ডি জেনেৰিঅ'ত হ'বলগীয়া ব্ৰীকছ বৈদেশিক মন্ত্ৰী সন্মিলনত অংশগ্ৰহণ কৰিব জয়শংকৰে ৷
দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিললৈ যাব বৈদেশিক মন্ত্ৰী জয়শংকৰ - Rio De Janerio
জুলাই মাহৰ 25-26 তাৰিখত ব্ৰাজিলৰ ৰাজধানী ৰিঅ' ডি জেনেৰিঅ'ত হ'বলগীয়া ব্ৰীকছ বৈদেশিক মন্ত্ৰী সন্মিলনত অংশগ্ৰহণৰ বাবে ব্ৰাজিললৈ যাব ভাৰতৰ বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰ ৷
![দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিললৈ যাব বৈদেশিক মন্ত্ৰী জয়শংকৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3879863-thumbnail-3x2-0.jpg)
বৈদেশিক মন্ত্ৰী জয়শংকৰ
বৈদেশিক মন্ত্ৰী হিচাপে এইখনেই জয়শংকৰৰ প্ৰথম ব্ৰীকছ আলোচনাচক্ৰ ৷ চলিত বৰ্ষৰ নৱেম্বৰ মাহত ব্ৰাচিলিয়াত অনুষ্ঠিত হ'বলগীয়া 11সংখ্যক ব্ৰীকছ সন্মিলনৰ বিষয়ে এই আলোচনাচক্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷