অসম

assam

ETV Bharat / bharat

বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে জয়শংকৰৰ টেলিফোনিক বাৰ্তালাপ - দুয়ো দেশৰ বিভিন্ন বিষয় সম্পৰ্কত আলোচনা

কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ.জয়শংকৰে সোমবাৰে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী একে আব্দুল মমেনৰ সৈতে টেলিফোনিক বাৰ্তালাপত কৰে ৷ বাৰ্তালাপত তেওঁলোকে দুয়ো দেশৰ বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে ৷

EAM Jaishankar holds telephonic talks with Bangladeshi counterpart
বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে জয়শংকৰৰ টেলিফোনিক বাৰ্তালাপ

By

Published : Sep 8, 2020, 5:41 AM IST

নেশ্যনেল ডেস্ক, 8 ছেপ্তেম্বৰ :কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ.জয়শংকৰে সোমবাৰে বাংলাদেশৰ বৈদেশিক মন্ত্ৰী একে আব্দুল মমেনৰ সৈতে টেলিফোনিক বাৰ্তালাপত কৰে ৷ বাৰ্তালাপত তেওঁলোকে দুয়ো দেশৰ বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে ৷

এক টুইটৰ জৰিয়তে জয়শংকৰে কয় যে, অতি সোনকালে যুটীয়া পৰামৰ্শদাতা সমিতিৰ এক বৈঠকৰ আয়োজন কৰা হ'ব ৷ তেওঁ কয়, "বাংলাদেশৰ বৈদেশিক মন্ত্ৰী মমেনৰ সৈতে এক গভীৰ আলোচনা সম্পন্ন কৰিলো ৷ অতি সোনকালে এক যুটীয়া পৰামৰ্শদাতা বৈঠক আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ আমাৰ নেতাসকলে নিৰ্ধাৰিত কৰা মহত্বকাংক্ষী লক্ষ্যসমূহ সফল কৰিবলৈ আমি একেলগে কাম কৰি যাম ৷"

উল্লেখ্য় যে, যোৱা মাহত ঢাকা ভ্ৰমণ কৰিছিল বৈদেশিক সচিব হৰ্ষ বৰ্ধনে ৷ ইয়াৰ জৰিয়তে দুয়ো দেশে বিভিন্ন ক্ষেত্ৰত একত্ৰিত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷

ABOUT THE AUTHOR

...view details