অসম

assam

ETV Bharat / bharat

পাঁচ বছৰত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব দক্ষিণ এছিয়াই : বৈদেশিক মন্ত্ৰী

ভাৰতৰ সৈতে চুবুৰীয়া দক্ষিণ এছিয়াৰ প্ৰত্যেকখন দেশেই নিজৰ সৱল স্থিতিৰে বিশ্বৰ আগশাৰীৰ দেশ সমূহৰ লগত সমানেই ফেৰ মাৰিবলৈ সক্ষম হ'ব ৷

পাঁচ বছৰত বিশ্বৰ শীৰ্ষ দেশ হিচাপে আত্মপ্ৰকাশ কৰিব দক্ষিণ এছিয়াই : বৈদেশিক মন্ত্ৰী

By

Published : Jun 6, 2019, 2:17 PM IST

Updated : Jun 6, 2019, 3:39 PM IST


নিউজ ডেস্ক, 6 জুন : আগন্তুক পাঁচ বছৰৰ ভিতৰত শীৰ্ষ সম্ভাৱনীয়তাৰ দেশ হিচাপে বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব দক্ষিণ এছিয়াৰ দেশসমূহে৷ ভাৰতৰ সৈতে চুবুৰীয়া দক্ষিণ এছিয়াৰ প্ৰত্যেকখন দেশেই নিজৰ সৱল স্থিতিৰে বিশ্বৰ আগশাৰীৰ দেশ সমূহৰ লগত সমানেই ফেৰ মাৰিবলৈ সক্ষম হ'ব ৷ এই মন্তব্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ জয়শংকৰৰ৷

পাঁচ বছৰত বিশ্বৰ শীৰ্ষ দেশ হিচাপে আত্মপ্ৰকাশ কৰিব দক্ষিণ এছিয়াই : বৈদেশিক মন্ত্ৰী

ৰাজধানী দিল্লীত অনুষ্ঠিত হোৱা Growth Net Summit ত অংশগ্ৰহণ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে, 'দক্ষিণ এছিয়াৰ দেশসমূহে নিজৰ সম্ভাৱনীয়া থকা সত্বেও বিশ্বৰ দ্বাৰা দীৰ্ঘদিন ধৰি অৱহেলিত হৈ আছে৷ কিন্তু আগন্তুক পাঁচ বছৰৰ ভিতৰত সমগ্ৰ বিশ্বই দক্ষিণ এছিয়াৰ দেশসমূহৰ সম্ভাৱনীয়তা উপলব্ধি কৰিবলৈ সক্ষম হ'ব'৷ দক্ষিণ এছিয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰত্যেকখন দেশৰ মুৰব্বীয়ে আগবাঢ়ি আহিব লাগে বুলিও প্ৰকাশ কৰে বৈদেশিক মন্ত্ৰী এচ জয়শংকৰে৷

Last Updated : Jun 6, 2019, 3:39 PM IST

ABOUT THE AUTHOR

...view details