অসম

assam

ETV Bharat / bharat

মধ্যপ্ৰদেশৰ ছতৰপুৰত একেটা পৰিয়ালৰ ৫ গৰাকী কৰ'ণা যোদ্ধা - কৰ'ণা যোদ্ধা

মধ্যপ্ৰদেশৰ ছতৰপুৰ জিলাত এটা পৰিয়ালে প্ৰশংসা বুটলিছে বিভিন্ন মহলৰ পৰা । এটা পৰিয়ালৰ ৫ গৰাকী সদস্যই আৰক্ষী বিভাগত নিয়োজিত । এই আটাইকেইগৰাকী সদস্যই দেশৰ সংকটৰ সময়ত কৰ'ণা যোদ্ধা হিচাপে দেশবাসীক সেৱা আগবঢ়াই আহিছে বুলি জানিবলৈ দিয়ে অঞ্চলবাসীয়ে ।

মধ্যপ্ৰদেশ
মধ্যপ্ৰদেশৰ ছতৰপুৰত একেটা পৰিয়ালৰ ৫ গৰাকী কৰ'ণা যোদ্ধা

By

Published : Jun 28, 2020, 11:12 AM IST

নিউজ ডেস্ক, ২৮ জুনঃ মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰা তথা জনসাধাৰণক কৰ'ণা সংক্ৰমনৰ পৰা বচাবলৈ সমগ্ৰ বিশ্বতে কৰ'ণা যোদ্ধাসকলে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে ।

সামাজিক দূৰত্ব নিশ্চিত কৰা আৰু প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কৰ'ণা যোদ্ধা হিচাপে প্ৰথমৰ পৰা এই দিশত কাম কৰি আহিছে স্থানীয় আৰক্ষী বিষয়াসকলে । কিন্তু ইয়াৰ মাজতে মধ্যপ্ৰদেশৰ এটি পৰিয়ালে দেশবাসীৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । মধ্য প্ৰদেশত আৰক্ষীৰ পৰিয়াল বুলি চিনাকী লাভ কৰা এই পৰিয়ালটোৰ ৫ গৰাকী সদস্যয়ে একো একোগৰাকী আৰক্ষী বিষয়া । যাৰ বাবে গোটেই পৰিয়ালটোৱে দেশৰ এই সংকটৰ সময়ত একোগৰাকী কৰ'ণা যোদ্ধা হিচাপে সেৱা আগবঢ়াই আহিছে বুলি সদৰি কৰে অঞ্চলবাসীয়ে ।

মধ্যপ্ৰদেশৰ ছতৰপুৰত একেটা পৰিয়ালৰ ৫ গৰাকী কৰ'ণা যোদ্ধা

উল্লেখ্য যে, পৰিয়ালটোৰ মুখ্য বিষয়া শ্যাম লাল অহিৰবাৰ আৰু তেখেতৰ তিনিটাকৈ পুত্ৰ ক্ৰমে ধৰ্মেন্দ্ৰ অহিৰবাৰ, বীৰেন্দ্ৰ অহিৰবাৰ, মহেন্দ্ৰ অহিৰবাৰ আৰু এগৰাকী বোৱাৰী উমা দেবী আৰক্ষী বিভাগত নিয়োজিত । যাৰ বাবে এই মহামাৰীৰ সময়ত সমগ্ৰ পৰিয়ালটোৱে মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আহিছে বিগত কিছু মাহে ।

মধ্যপ্ৰদেশত একেটা পৰিয়ালৰ ৫ গৰাকী কৰ'ণা যোদ্ধা

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সহকাৰী উপ পৰিদৰ্শক ধৰ্মেন্দ্ৰ অহিৰবাৰে কয় যে, বহুবাৰ আমি তিনিওগৰাকী ভাতৃয়ে একেলগে এখন আৰক্ষী থানাত কাম কৰিবলৈ সুযোগ পাইছিলো । মই গৰ্বিত যে মোৰ পিতৃ আৰু মোৰ বাকী দুজন ভাতৃয়ে সততা আৰু নিষ্ঠাৰে কাম কৰি গৈছে ।

লগতে মহামাৰীৰ সময়ত তেওঁলোকে অধিক সতৰ্কতা থাকিব লগা বাবেই কেতিয়াবা অসুবিধাৰ সন্মুখীন হোৱা বুলিও সদৰি কৰে ধৰ্মেন্দ্ৰ অহিৰবাৰে ।

লগতে পঢ়ক : তেলেংগানাত ২৪ ঘণ্টাত ১,০৮৭ গৰাকী ব্যক্তিৰ দেহত কৰ'ণাৰ অৱস্থিতি

ABOUT THE AUTHOR

...view details