অসম

assam

ETV Bharat / bharat

ক'ভিড-19 ৰ বাবে লোকচানৰ সন্মুখীন ছত্তিশগড়ৰ ৰাৱনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা শিল্পী

ক'ভিড-19 ৰ বাবে লোকচানৰ সন্মুখীন ৰাৱনৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ শিল্পী সকল ৷ গ্ৰাহকৰ অভাৱত নিৰ্মাণ কৰা মূৰ্তি সমূহ বিক্ৰী কৰিব নোৱাৰা বুলি উল্লেখ কৰে শিল্পীসকলে ৷

Dusshera: Ravan effigy makers unhappy with drop in sale amid Covid-19
ক'ভিড-19 ৰ বাবে লোকচানৰ সন্মুখীন ছত্তিশগড়ৰ ৰাৱনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা শিল্পী

By

Published : Oct 25, 2020, 9:06 AM IST

নিউজ ডেস্ক, 25 অক্টোবৰ : ক'ভিড-19 ৰ বাবে ছত্তিশগড়ৰ ৰাৱণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা শিল্পী সকলে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে ৷ শিল্পীসকলে জনোৱা অনুসৰি, বিগত বৰ্ষত তেওঁলোকে যিমান অৰ্ডাৰ পাইছিল চলিত বৰ্ষত তেওঁলোকে পোৱা মূৰ্তি নিৰ্মাণৰ সংখ্যা যথেষ্ট কম ৷ চলিত বৰ্ষত তেওঁলোকে মাত্ৰ 10 ফুট ওখ মূৰ্তি প্ৰস্তুত কৰা বুলি জানিব দিয়ে ৷

সংবাদমাধ্যমৰ আগত জনোৱা অনুসৰি, উক্ত অঞ্চলৰ যুৱক সকলে একত্ৰিত হৈ মূৰ্তি নিৰ্মাণ কামত অংশগ্ৰহণ কৰিছিল ৷ কিন্তু ক'ভিড-19 ৰ বাবে তেওঁলোকে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ৷

বিগত বৰ্ষত তেওঁলোকে 20 ফুট ওখ মূৰ্তি নিৰ্মাণ কৰি প্ৰায় 10 হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল কিন্তু চলিত বৰ্ষত 10 ফুট ওখ মূৰ্তিৰ বাবে 4 হাজাৰ টকা দিবলৈও গ্ৰাহক সকল প্ৰস্তুত নহয় বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, নৱৰাত্ৰিৰ 10 ম দিনটো বিজয়া দশমী হিচাপে পালন কৰা হয় ৷ এই উৎসৱত ৰাৱণৰ মূৰ্তি জ্বলাই ভাৰতবাসীয়ে বিজয় উল্লাস পালন কৰে ৷

লগতে পঢ়ক :ক’ভিডে স্থগিত কৰিলে শিৱসাগৰৰ দেৱী দ'লৰ ঐতিহাসিক পৰম্পৰা

ABOUT THE AUTHOR

...view details