নিউজ ডেস্ক, ৯ জুলাই :উত্তৰ প্ৰদেশৰ গেংষ্টাৰবিকাশ ডুবেক বৃহস্পতিবাৰে আৰক্ষীয়ে মধ্য প্ৰদেশৰ উজ্জয়িনীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিচতে পোহৰলৈ আহিছে কেতবোৰ নতুন নতুন তথ্য ।
ডুবেক গ্ৰেপ্তাৰ কৰা আৰক্ষীৰ ভিতৰত এগৰাকীয়ে শীৰ্ষ বিষয়াক জনোৱা অনুসৰি, বিগত শুকুৰবাৰে কাণপুৰত সংঘটিত ঘটনাৰ পিচত ডুবেয়ে ২ দিনৰ বাবে কাণপুৰত আত্মগোপন কৰি আছিল । আৰক্ষীয়ে যেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ গৈছিল তেতিয়া গুলি চলোৱা বুলি উল্লেখ কৰে । ডুবেৰ লগত গ্ৰেপ্তাৰ কৰা আন এগৰাকী ব্যক্তিয়ে আৰক্ষীক জনোৱা অনুসৰি, ডুবে আৰু ২ জন সহযোগী চাইকেলৰে শিবলীত উপস্থিত হৈছিল আৰু দুদিন এগৰাকী বন্ধুৰ ঘৰত কটাইছিল । তাৰ পিচত সেই স্থানৰ পৰা ২ খন বাইকেৰে লক্ষ্ণৌলৈ যাত্ৰা কৰিছিল আৰু ডুবেৰ সহযোগী অমৰৰ সৈতে এখন ট্ৰাকত হাৰিয়ানালৈ যাত্ৰা কৰিছিল ।