নিউজ ডেস্ক, ১৫ জুলাইঃঅন্ধ্ৰপ্ৰদেশৰ কাদপা জিলাত বিগত ১৩ জুলাইত ১০০ ফুট দ' গাতৰ পৰা এজন ব্যক্তিক উদ্ধাৰ কৰে আৰক্ষী আৰু অগ্নি নিৰ্বাপন বাহিনীয়ে । কাদপা জিলাৰ মুলা লংকা গাঁৱত সংঘটিত এই ঘটনাৰ বিষেয় মঙলবাৰে সদৰি কৰে এজন অগ্নি নিৰ্বাপন বাহিনীৰ বিষয়ববীয়াই । উদ্ধাৰকাৰী দলটোৱে ১০০ ফুট দ' গাতৰ পৰা ৰছীৰ সহায়ত উদ্ধাৰ কৰে ভূকয়া কিশোৰ নায়ক নামৰ ২৬ বছৰীয়া ব্যক্তিজনক । সুৰাপানৰ পৰিণতিতে এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
অন্ধ্ৰ প্ৰদেশত ১০০ ফুট দ' কুৱাৰ পৰা জীৱন্তে উদ্ধাৰ সুৰাসক্ত ব্যক্তি - সুৰাসক্ত ব্যক্তি
বিগত ১৩ জুলাই সোমবাৰে অন্ধ্ৰপ্ৰদেশৰ কাদপা জিলাত ১০০ ফুট দ' গাতৰ পৰা জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু অগ্নি নিৰ্বাপন বাহিনীয়ে । কোনোধৰণৰ আঘাl নপোৱাকৈ ৰছীৰ সহায়ত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সুৰাসক্ত অৱস্থাত গাতত পৰা ব্যক্তিজনক ।
অন্ধ্ৰপ্ৰদেশ
আনহাতে, ব্যক্তি জনক উদ্ধাৰ কাৰৰ পাচতে এম্বুলেঞ্চৰ সহায়ত ওচৰৰ হাস্পতালত ভৰ্তি কৰোৱা হয় । উদ্ধাৰ কৰা ব্যক্তিজনৰ সামান্য পৰিমাণে আঘাটপ্ৰাপ্ত হয় বুলিও জানিবলৈ দিয়ে কাদপা জিলাৰ অগ্নি নিৰ্বাপন বাহিনীৰ বিষয়ববীয়া এম ভূপালে ।
লগতে চাওকঃ মণ্ট ব্লেংক হিমবাহত উদ্ধাৰ 1966 চনৰ ভাৰতীয় সংবাদপত্ৰ