নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ সোমবাৰে গংগা নদীৰ পৰা উদ্ধাৰ হয় দুটা শিশুৰ মৃতদেহ । আনহাতে, বৰ্তমানেও আন এটি শিশুৰ উদ্ধাৰৰ বাবে অভিযান চলাই আছে আৰক্ষীয়ে । উদ্ধাৰ হোৱা মৃতদেহ দুটা উত্তৰ প্ৰদেশৰ ভদোহী জিলাৰ বুলি চিনাক্ত কৰে আৰক্ষীয়ে ।
গংগা নৈত উদ্ধাৰ দুটা শিশুৰ মৃতদেহ, মাতৃৰ বিৰুদ্ধে অভিযোগ উত্থাপন উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ ভদোহী জিলাৰ মঞ্জু নামৰ মহিলাগৰাকীয়ে স্বামী মৃদুল যাদৱৰ সৈতে কাজিয়াত লিপ্ত হৈ পৰিয়ালটোৰ তিনিটাকৈ শিশুক গংগা নৈত পেলাই দিয়ে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
অভিযুক্ত মাতৃ মঞ্জু যাদৱে শিশুকেইটাক শনিবাৰে ৰাতি গংগা নৈত পেলাই দি দেওবাৰে পুৱা ভাগলৈ নৈ ঘাটত বহি থাকে । এনে সময়তে সন্দেহজনক অৱস্থাত মঞ্জু যাদৱক স্থানীয় ব্যক্তিয়ে প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ।
ঘটনা সন্দৰ্ভত স্বামী মৃদুল যাদৱে পত্নী মঞ্জু যাদৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মাতৃ মঞ্জু যাদৱক ।
আনহাতে, দেওবাৰে জিলা দণ্ডাধীশ ৰাজেন্দ্ৰ প্ৰসাদে কয় যে, মঞ্জু যাদৱ তথা পৰিয়ালটোৰ সকলো সদস্যই কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি দিয়া লকডাউনৰ বাবে খাদ্যৰ অভাৱত ভোগাৰ বাবেই মাতৃ গৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰে ।