নিউজ ডেস্ক, 23 জানুৱাৰী : আকাশমাৰ্গৰ দখল যুদ্ধক্ষেত্ৰৰ প্ৰথম প্ৰয়োজনীয়তা হিচাপে গণ্য কৰা হয়, যেতিয়া আমি আধুনিক যুদ্ধৰ কথা কওঁ ৷ ব্ৰিটেইনৰ যুদ্ধৰ সময়ত ব্ৰিটিছ বায়ুসেনাই তেওঁলোকৰ ৰজাক ৰক্ষা কৰাৰ উপৰিও মিত্ৰশক্তিৰ সেনাক পৰাভূত কৰি লৈ ইউৰোপৰ আকাশত দপদপাই আছিল ৷
এই গতিৰেই বৰ্তমানৰ আধুনিক যুদ্ধশৈলীত আধুনিক প্ৰযুক্তিক অধিক শক্তিশালী, ক্ষীপ্ৰ আৰু মাৰক ক্ষমতাৰে মহীয়ান কৰি যুঁজাৰু বিমানে আজিৰ আকাশত দপদপাই আছে ৷ ইয়াৰ ভিতৰত আমেৰিকাৰ পঞ্চম প্ৰজন্মৰ F 22 আৰু F 35, ৰাছিয়াৰ Sukhoi 57 আদি যুঁজাৰু বিমান বিশ্বৰ ভিতৰতে অধিক শক্তিশালী যুঁজাৰু বিমান ৷ বৰ্তমানে এইসমূহ দেশে ষষ্ঠ প্ৰজন্মৰ যুঁজাৰু বিমানৰ উন্নয়ন কৰিবলৈ কাম লাগি আছে যদিও ইয়াৰ বিকাশ হ’বলৈ এতিয়াও বাকী আছে ৷
অৱশ্যে এই গতিত বিশ্ববাসীয়ে এক পৰিৱৰ্তন দেখিবলৈ পালে যেতিয়াই যুদ্ধক্ষেত্ৰত আকাশী ক্ষমতাৰ দিশটো আহিল ৷ নাগাৰ্নো-কাৰাবাখ যুদ্ধক লৈ আৰ্মেনিয়া আৰু আজাৰবেইজানৰ যুদ্ধত আৰ্মেনিয়াৰ প্ৰধান প্ৰধান সামৰিক ঘাটিৰ লগতে শক্তিসমূহ তচনচ হৈ পৰিছিল ড্ৰ’ণ ষ্ট্ৰাইকত ৷ ইয়াৰ পিচতেই আৰ্মেনিয়াই পৰাজয়বৰণ কৰি ৰাছিয়াৰ সহায়ত যুদ্ধবিৰতিলৈ আহিছিল ৷
ইজৰাইল আৰু তুৰ্কীৰ পৰা ক্ৰয় কৰা এইসমূহ ড্ৰ’ণে আৰ্মেনিকাক বিধ্বস্ত কৰিছিল ৷ মানৱযুক্ত আকাশীযানৰ পৰিৱৰ্তে যুদ্ধক্ষেত্ৰত আক্ৰমণ কৰিবলৈ ড্ৰ’ণসমূহ অধিক শক্তিশালী হিচাপে পৰিলক্ষিত হৈছে ৷ কমখৰচী আৰু সশস্ত্ৰ ড্ৰ’ণে শত্ৰুপক্ষত আকাশমাৰ্গৰ পৰা আক্ৰমণ কৰি কম সময়ৰ ভিতৰত আঠু কঢ়োৱাই দিয়াৰ ক্ষমতা আছে ৷ অন্যহাতে ইয়াক আৰু বিষম কৰি যুদ্ধনীতিত ব্যৱহাৰ কৰিব পৰা যায় ৷
ভাৰতে শেহতীয়াকৈ বায়ুসেনাৰ স্কোৱাড্ৰণৰ ক্ষমতা বঢ়াবলৈ 83খন টেজাছ যুদ্ধবিমান ক্ৰয়ত অনুমোদন জনাইছে ৷ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ লগতে নিয়ন্ত্ৰণৰেখাত খাপ পিটি থকা শত্ৰুপক্ষক উচিত প্ৰত্যুত্তৰ দিবলৈ ভাৰতে কেৱল যুদ্ধবিমানত বিনিয়োগ কৰাৰ উপৰিও সশস্ত্ৰ ড্ৰ’ণৰ ফ্লীট ক্ৰয়টো অধিক মনোনিৱেশ কৰাটো প্ৰয়োজনীয় হিচাপে দেখা দিছে ৷