নিউজ ডেস্ক, 20 এপ্ৰিলঃ দেওবাৰে 13 জন যাত্ৰী কঢ়িয়াই গ্ৰেপ্তাৰ হ'ব লগীয়া হ'ল এজন গাড়ী চালক । চালকজনক গ্ৰেপ্তাৰ কৰে জম্মু আৰক্ষীয়ে । জম্মু কাশ্মীৰৰ উধামপুৰ জিলাৰ পৰা লঘু মালবাহী বাহন এখনত কঢ়িয়াই নিছিল 13 জনকৈ যাত্ৰী ।
13 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া চালকক গ্ৰেপ্তাৰ - জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ
জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে আটক গ্ৰেপ্তাৰ কৰে এজন চালকক । চালক জনে লঘু মালবাহী বাহন এখনত কঢ়িয়াই নিছিল 13 গৰাকী যাত্ৰী । লক ডাউন ভংগৰ অপৰাধত গ্ৰেপ্তাৰ চালকজন ।
![13 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া চালকক গ্ৰেপ্তাৰ 13 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া চালকক গ্ৰেপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6860686-1089-6860686-1587318719855.jpg)
জম্মু-কাশ্মীৰৰ জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মটৰচেদ চেনানীত আৰক্ষীৰ দল এটাই বাহনখন ৰখাই । বাহনখনত তালাচী কৰিবলৈ লওতেই ধৰা পৰে 13 জনকৈ যাত্ৰী । এই 13 জনৰ ভিতৰত 5 গৰাকী মহিলা যাত্ৰীও আছিল । তেওঁলোক ৰমবান জিলাত থকা নিজ ঘৰলৈ গৈ আছিল বুলি আৰক্ষীক জানিবলৈ দিয়ে। জম্মু আৰক্ষীৰ এগৰাকী মুখপাত্ৰই সদৰী কৰে এই কথা । লক ডাউন ভংগৰ অভিযোগত আৰক্ষীয়ে ঠাইতে গ্ৰেপ্তাৰ কৰে চালকজনক । চালকজন ৰমবান জিলাৰ পাৰনত গাঁৱৰ আব্দুল ৰছীদ বুলি জানিব পৰা গৈছে । 13 জন যাত্ৰী সহিতে চালক জনক প্ৰথমে আৰক্ষীয়ে জিম্মাত লৈ পাচত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে ।