অসম

assam

By

Published : Sep 7, 2020, 5:55 PM IST

ETV Bharat / bharat

হাইপাৰছোনিক প্ৰযুক্তিগত ডেমো বাহনৰ সফল পৰীক্ষণ ডিআৰডিঅ'ৰ

ভাৰতৰ ৰাজহুৱা খণ্ডৰ অন্যতম প্ৰতিষ্ঠান, প্ৰতিৰক্ষা গৱেষণা আৰু গৱেষণা সংস্থাই সোমবাৰে এক বিশেষ সফলতা লাভ কৰে ৷ ভাৰতৰ স্বদেশী প্ৰযুক্তিৰে নিৰ্মাণ কৰা হাইপাৰছোনিক টেকন'লজি ডেমোনষ্ট্ৰেটৰ ভেহিকলৰ সফল পৰীক্ষণ সম্পন্ন কৰে সংস্থাটোৱে ৷

হাইপাৰছোনিক প্ৰযুক্তিগত ডেমো বাহনৰ সফল পৰীক্ষণ ডিআৰডিঅ'ৰ
হাইপাৰছোনিক প্ৰযুক্তিগত ডেমো বাহনৰ সফল পৰীক্ষণ ডিআৰডিঅ'ৰ

নিউজ ডেস্ক, 7 ছেপ্টেম্বৰ : ভাৰতীয় প্ৰতিৰক্ষা খণ্ডত আন এক মাইলৰ খুঁটি অৰ্জন কৰিলে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই ৷ দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰতিৰক্ষা নিৰ্মাণকাৰী সংস্থাই স্বদেশী প্ৰযুক্তিৰে প্ৰস্তুত কৰি উলিওৱা এক বিশেষ বাহনৰ আজি সফলতাৰে পৰীক্ষণ সম্পন্ন কৰে ৷

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা,চমুকৈ ডিআৰডিঅ'ই সোমবাৰে সফল পৰীক্ষণ সম্পন্ন কৰে স্বদেশী প্ৰযুক্তিৰ অন্যতম শক্তিশালী বাহন, হাইপাৰছোনিক টেকন'লজি ডেমোনষ্ট্ৰেটৰ ভেহিকলৰ ৷

এক অজ্ঞাত স্থানৰ পৰা ৰাতিপুৱা 11.03 বজাত ইয়াক উৎক্ষেপন কৰা হয় আৰু পাঁচ মিনিটৰ ভিতৰতে ইয়াৰ পৰীক্ষণ সফলতাৰে সম্পন্ন হয় ৷ অগ্নি ক্ষেপনাস্ত্ৰৰ সহায় লৈ ইয়াৰ পৰীক্ষণ সম্পন্ন কৰে ডিআৰডিঅ'ই ৷

হাইপাৰছোনিক টেকন'লজি ডেমোনষ্ট্ৰেটৰ ভেহিকলৰ সফল পৰীক্ষণ

ডিআৰডিঅ'ৰ এই সফল পৰীক্ষণৰ অন্তত সংস্থাক ধন্যবাদ জ্ঞাপন কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এয়া দেশৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে এক মহান লক্ষ্য বুলি উল্লেখ কৰে ৷

এই বিশেষ বাহনখন যাক চমুকৈ HSTDV বুলি জনা যায়, ই হৈছে এক মানৱবিহীন স্ক্ৰীমজেট বিমান যিয়ে হাইপাৰছোনিক গতিত উৰণ সম্পন্ন কৰে ৷ এই বিশেষ বাহনখনক মেক 6ৰ গতিৰে চলাচল আৰু 32.5 কিলোমিটাৰ উচ্চতাত উৰিব পৰাকৈ সাজি উলিয়াইছে সংস্থাটোৱে ৷

লগতে পঢ়ক :ত্ৰিপুৰালৈ আগমন বাংলাদেশৰ প্ৰথমখন পণ্যবাহী জাহাজৰ

ABOUT THE AUTHOR

...view details