অসম

assam

ETV Bharat / bharat

নয়ডাত DRDOৰ বৈজ্ঞানিকৰ মৃতদেহ উদ্ধাৰ - drdo scientists latest news

উক্ত স্থানত বৈজ্ঞানিকগৰাকীক দুই যুৱতী তথা তিনিজন লোকে মাৰ-পিট কৰাৰ লগতে তেওঁৰ মোবাইল ফোন আৰু নগদ টকা কাঢ়ি লৈ তেওঁক অপহৰণ কৰে ৷ ইফালে বৈজ্ঞানিক গৰাকীৰ পৰিয়ালে তেওঁ নিখোজ হোৱা গোচৰ ৰুজু কৰে ৷

drdo scientists
drdo scientists

By

Published : Sep 28, 2020, 5:14 PM IST

নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰঃনয়ডা চহৰৰ অন্তৰ্গত চেক্টৰ 78ৰ কেপটাউন চ'ছাইটিত বাস কৰা এগৰাকী বৈজ্ঞানিকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, দিল্লীস্থিত DRDO কাৰ্যালয়ত কৰ্মৰত বৈজ্ঞানিকগৰাকীয়ে শনিবাৰে অনলাইন মাছাজ চেন্টাৰৰ সন্ধান কৰে ৷ পৰৱৰ্তী সময়ত লোকজন নয়ডাৰ চিটী চেন্টাৰস্থিত মেট্ৰ' ষ্টেচনলৈ যায় ৷ উক্ত স্থানতে তেওঁৰ লগত হনি ট্ৰেপিঙৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰে দিল্লী আৰক্ষীয়ে ৷

উক্ত স্থানত বৈজ্ঞানিকগৰাকীক দুই যুৱতী তথা তিনিজন লোকে মাৰ-পিট কৰাৰ লগতে তেওঁৰ মোবাইল ফোন আৰু নগদ টকা কাঢ়ি লৈ তেওঁক অপহৰণ কৰে ৷ ইফালে বৈজ্ঞানিক গৰাকীৰ পৰিয়ালে তেওঁ নিখোজ হোৱা গোচৰ ৰুজু কৰে ৷ লগে লগে আৰক্ষীয়ে অভিযান চলাই বৈজ্ঞানিকগৰাকীৰ মৃতদেহ থানা চেক্টৰ 24ৰ অধীনস্থ চেক্টৰ 35ৰ পৰা উদ্ধাৰ কৰে ৷ লগতে উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে দুই যুৱতীৰ লগতে এজন পুৰুষক ৷ উক্ত ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃমোৰ ভাৰতৰ বাহিৰত কোনো ধৰণৰ সম্পত্তি নাই : অনিল আম্বানী

For All Latest Updates

ABOUT THE AUTHOR

...view details