নতুন দিল্লী,27 মাৰ্চঃ সুৰক্ষা অনুসন্ধান আৰু বিকাশ গৱেষণা উন্নয়ন সংস্থা চমুকৈ ডি আৰ ডি অ’ ৰ বিজ্ঞানীসকলে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন সামগ্ৰীৰ উন্নত পৰীক্ষা অব্যাহত ৰাখিছে ৷ এই কথা প্ৰকাশ কৰে সংস্থাটোৰ অধ্যক্ষ ড৹ জি সথীশ ৰেড্ডীয়ে ৷
ডি আৰ ডি অ’ ৰ বিজ্ঞানীৰ অভিনৱ প্ৰয়াস ৰেড্ডীয়ে কয়,সংস্থাটোৰ পৰীক্ষাগাৰসমূহত প্ৰায় 20 হাজাৰ বটল হেণ্ড চেনিটাইজাৰ প্ৰস্তুত কৰা হৈছে ৷ এই চেনিটাইজাৰমূহ দিল্লী আৰক্ষীকে ধৰি দেশৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত বিভিন্ন এজেন্সীক প্ৰদান কৰা হৈছে ৷ "আমি এন 99 আৰু তিনি তৰপীয়া মাস্কৰ ক্ষেত্ৰত কিছু উন্নীতকৰণ কৰিছো ৷ আমি প্ৰায় 20,000 মাস্ক তৈয়াৰ কৰিছো যিবোৰ ইতিমধ্যে ভিন্ন এজেন্সীৰ মাজত বিতৰণ কৰা হৈছে" বুলি ৰেড্ডীয়ে কয় ৷
কিছুদিন পূৰ্বে সংস্থাটোৱে সমাজৰ পৰিপন্থী এক অত্যাধুনিক সুবিধাযুক্ত ভেণ্টিলেটৰৰ আৱিস্কাৰ কৰে ৷ ইয়াৰ প্ৰস্তুতিৰ মুখ্য কৌশলটো ইতিমধ্যে এটা উদ্যোগলৈ প্ৰেৰণ কৰা হৈছে ৷ মহীশূৰত থকা এটা উদ্যোগে বৰ্তমান উক্ত কৌশলৰ আৰ্হিত ভেণ্টিলেটৰৰ দ্বিতীয় সংস্কৰণ প্ৰস্তুত কৰি থকা বুলি জনায় সংস্থাটোৰ অধ্যক্ষ ৰেড্ডীয়ে ৷
ৰেড্ডীয়ে লগতে কয়,সংস্থাটোৰ মহীশূৰত থকা পৰীক্ষাগাৰৰ পৰা উদ্যোগটোলৈ ভেণ্টিলেটৰৰ কিছু অত্যাৱশ্যকীয় অংশৰ যোগান ধৰে যাৰ বাবে উদ্যোগটোৱে বৰ্তমান প্ৰায় প্ৰতিমাহত 5,000 ভেণ্টিলেটৰ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু জৰুৰীকালীন সময়ত প্ৰায় 10,000 ভেণ্টিলেটৰ প্ৰস্তুত কৰি যোগান ধৰিবলৈ উদ্যোগটো সমৰ্থ হোৱা বুলি ৰেড্ডীয়ে প্ৰকাশ কৰে ৷ সমান্তৰালকৈ সংস্থাটোৱে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলৰ বাবে তাৎক্ষণিকভাৱে পৰিৱেশনৰ উপযোগী খাদ্য প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷ সংস্থাৰ মহীশূৰত থকা খাদ্য গৱেষণা আৰু পৰীক্ষাগাৰত প্ৰস্তুত এই খাদ্য দেশৰ সুৰক্ষাত নিয়োজিত সশস্ত্ৰ বাহিনীৰ কৰ্মীসকলক যোগান ধৰা হ’ব ৷
লগতে চাওকঃকোভিড-19 : তেজপুৰস্থিত প্ৰতিৰক্ষা গৱেষণা পৰীক্ষাগাৰৰ প্ৰসংশনীয় পদক্ষেপ