নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিলঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অৰ্থনীতিবিদ ডঃ মনমোহন সিঙে অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰক সাৰ্বজনীন দিক নিৰ্দেশনা প্ৰদান কৰিবলৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ অনুৰোধ গ্ৰহণ কৰিছে ।
ডঃ মনমোহন সিঙৰ সৈতে মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ COVID-19ৰ পৰৱৰ্তী সময়ত পুনৰ জাগৰণ কৌশল গঠনৰ বাবে সোমবাৰে পঞ্জাৱ চৰকাৰে প্ৰাথমিক পদক্ষেপ গ্ৰহণ কৰিছ । মণ্টেক সিং আহলুৱালিয়া নেতৃত্বাধীন বিশেষজ্ঞৰ দলে মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমেৰে এখন বৈঠকত মিলিত হয় ।
এই বৈঠকত মিলিত হোৱা সদস্য সকলক পাঞ্জাৱৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ টুইটৰ জৰিয়তে জনাই যে, COVID-19ৰ পাচৰ পৰ্যায়ত অৰ্থনৈতিক উন্নয়ণৰ বাবে তেওঁলোকে সৰ্বতোপ্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে । প্ৰথম বৈঠকত 20 জন সদস্যৰ লগতে 5 খন উপ সমিতিয়ে অংশ লয় । এই উপ সমিতি সমূহ বিত্ত,কৃষি,স্বাস্থ্য, উদ্যোগ আৰু সামাজিক ক্ষেত্ৰৰ সৈতে জৰিত । এই সকলো গ্ৰুপৰে সদস্য সকলে উদ্দ্যেশ্য সমূহক কঢ়িয়াই নিব বুলি জনায় ।
পাঞ্জাৱ চৰকাৰৰ অৱস্থা শোচনীয় হৈ থাকোতে ভাৰত চৰকাৰে সমাধান দিবলৈ আগবাঢ়ি আহিছিল বুলি উল্লেখ কৰাৰ লগতে মন্টেকে কয় যে,বৰ্তমান তেওঁলোকে ৰাজ্যখনক উদ্ধাৰৰ বাবে নিশ্চিতভাৱে সমাধান লৈ আহিছে । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰে দল সমূহক কয় যে,ৰাজ্যখনে 3360 কোটি টকাৰ ৰাজহ হেৰুৱাইছে । তাৰে ভিতৰত আছে GSTৰ 1322 কোটি টকা,ৰাজ্যিক আবকাৰী শুল্কৰ 521 কোটি টকা,গাড়ী মটৰ কৰৰ 198 কোটি টকা,পেট্ৰ'ল-ডিজেলৰ মূল্য সংযোজিত কৰৰ 456 টকা,বৈদ্যুতিক মাছুলৰ 243 কোটি টকা,ষ্টাম্পৰ 219 কোটি টকা আৰু অনা কৰ ৰাজহৰ 392 কোটি টকা ।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি,ৰাজ্যখনৰ শক্তিৰ ব্যৱহাৰ 30 শতাংশ কমি গৈছে আৰু দৈনিক 30 কোটি টকাৰ লোকচান হৈ আছে । ৰাজ্যখনৰ 1 শতাংশ উদ্যোগৰ বাহিৰে বাকী সকলো উদ্যোগ বন্ধ হৈ আছে । আনহাতে কেন্দ্ৰই ৰাজ্যখনক 4,365.37 কোটি টকা আদায় দিবলৈ থকা বুলিও তেওঁ প্ৰকাশ কৰে।
ৰাজ্যখনৰ 8 খন জিলাত COVID-19ৰ মৃত্যুৰ হাৰ দেশৰ হাৰতকৈয়ো অধিক হৈ আছিল। আনহাতে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই সাহাৰ্য পুঁজি মুকলি কৰি দিব বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে ।
লগতে চাওকঃ টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ