নিউজ ডেস্ক,২৭ জুলাই: ৰাষ্ট্ৰপতি গৰাকীৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে এটা টুইটৰ জড়িয়তে ড° এপিজে আব্দুল কালামক জ্ঞান,বুদ্ধি তথা সৰলতাৰ এক অনন্য প্ৰতীক আখ্যা দিয়াৰ লগতে মিছাইলমেন গৰাকীয়ে ৰাষ্ট্ৰৰ বিজ্ঞানৰ পৰা ৰাজনীতিলৈকৈ বহুকেইখন ক্ষেত্ৰত আগবঢ়াই থৈ যোৱা অভূতপূৰ্ব অৱদানক সুঁৱৰিলে । টুইটটোত অমিত শ্বাহে উল্লেখ কৰিলে,ড° কালামৰ জ্ঞানৰ বিচাৰে এখন আত্মনিৰ্ভৰশীল ভাৰত গঠনৰ ক্ষেত্ৰত সকলোকে প্ৰেৰণা যোগাই আহিছে ।
দেশৰ এগৰাকী মিছাইলমেন ৰূপে সকলোৰে পৰিচিত ড° কালামে কেৱল বিজ্ঞানতে মনোযোগ দিয়া নহয়,দেশৰ ৰাষ্ট্ৰপতিৰ আসনখন শুৱনি কৰি দেশবাসীৰে অতিকে প্ৰিয় এগৰাকী ৰাষ্ট্ৰপতি হিচাপে পৰিচিত হৈছিল ।
এগৰাকী মহাকাশ বিজ্ঞানী হিচাবে ড° কালামে দেশৰ দুটিকৈ গুৰুত্বপূৰ্ণ মহাকাশ গৱেষণা প্ৰতিস্থান প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন (DRDO) আৰু ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰত(ISRO) সুচাৰু ৰূপে কাম কৰি গৈছিল ।
ভাৰতীয় বেলিষ্টিক মিচাইল নিৰ্মাণ আৰু বাহনৰ উন্নত প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ কামৰ জড়িয়তে এই মহান বিজ্ঞানীগৰাকীয়ে দেশক দি গৈছে উপহাৰ । তাৰোপৰি দেশৰ এটা গুৰুত্বপূৰ্ণ পৰমানু পৰীক্ষণ 'পোখৰান-২' সফলতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল এইগৰাকী মহান ব্যক্তিয়ে । বিজ্ঞান আৰু ৰাজনীতিৰ ক্ষেত্ৰত দিয়া মহান কৰ্মৰাজীৰ বাবে মিছাইলমেন গৰাকীক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰেও সন্মানিত কৰা হৈছিল ।
লগতে চাওকঃ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু বন বিষয়াৰ