মাছুল (ইৰাক), 22 মাৰ্চঃ ইৰাকৰ মাচুলত বৃহস্পতিবাৰে নিশা সংঘটিত হয় ফেৰী দুৰ্ঘটনা ৷ দুৰ্ঘটনাত 100 জন লোক নিহত হোৱাৰ বিপৰীতে আহত হয় কেইবাগৰাকীও যাত্ৰী ৷ এই পৰ্যন্ত 12 জন লোক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে ৷ তদুপৰি ঘটনাস্থলীলৈ এম্বুলেঞ্চ আৰু হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে ৷
ইৰাকৰ ট্ৰাইগ্ৰীচ নদীত ফেৰী দুৰ্ঘটনাগ্ৰস্ত;নিহত ১০০ - iraq
ইৰাকৰ মাচুল চহৰখনৰ পৰা চাৰি কিলোমিটাৰ দূৰত্বত থকা উম্ম ৰাবেন দ্বীপলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো
ইৰাকৰ ট্ৰাইগ্ৰীচ নদীত ফেৰী দুৰ্ঘটনাগ্ৰস্ত
আনহাতে, ফেৰীত যাত্ৰা কৰা সৰহসংখ্যক যাত্ৰীয়ে সাঁতুৰিব নাজানে বুলি প্ৰকাশ কৰে অসামৰিক নিৰাপত্তা সংস্থাই ৷প্ৰকাশিত তথ্য অনুসৰি, চহৰখনৰ পৰা চাৰি কিলোমিটাৰ দূৰত্বত থকা উম্ম ৰাবেন দ্বীপলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ইৰাকৰ প্ৰধানমন্ত্ৰী আদিল আব্দুল মেহদিয়ে ঘটনাৰ তদন্ত কৰিবলৈ আদেশ দিয়াৰ লগতে ঘটনাটো অত্যন্ত দুখজনক বুলিওউল্লেখ কৰে ৷