অসম

assam

ETV Bharat / bharat

কোভিড-১৯ সংবৰ্ধনৰ দিন ১২.৫ দিনলৈ বৃদ্ধি : স্বাস্থ্য মন্ত্ৰালয় - কোভিড-১৯ মহামাৰী

দেশত কোভিড-১৯ সংবৰ্ধনৰ দিন ৩.৪ দিনৰ পৰা ১২.৫ দিনলৈ বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ে । দেশত এতিয়ালৈকে ১৪,১৮৩ গৰাকী কোভিড-১৯ আক্ৰান্ত লোকে আৰোগ্য লাভ কৰিছে ।

কোভিড-১৯ সংবৰ্ধনৰ দিন ১২.৫ দিনলৈ বৃদ্ধি : স্বাস্থ্য মন্ত্ৰালয়
কোভিড-১৯ সংবৰ্ধনৰ দিন ১২.৫ দিনলৈ বৃদ্ধি : স্বাস্থ্য মন্ত্ৰালয়

By

Published : May 7, 2020, 10:57 AM IST

নিউজ ডেস্ক, ৭ মে' : দেশত কোভিড-১৯ মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও পূৰ্বৰ তুলনাত সংবৰ্ধনৰ দিন বৃদ্ধি পাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, পূৰ্বৰ ৩.৪ দিনৰ তুলনাত দেশত কোভিড-১৯ আক্ৰান্তৰ সংখ্যা দুগুন বৃদ্ধি হোৱা দিন ১২.৫ দিনলৈ বৃদ্ধি পাইছে যিটো এক শুভলক্ষণ ।

বুধবাৰে কোভিড-১৯ৰ দুগুন বৃদ্ধি হোৱা দিনৰ সংখ্যা এইদৰে ১২.৫ দিনলৈ বৃৃদ্ধি পায় বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা প্ৰকাশ কৰিছে । দেশত চলি থকা লকডাউন আৰু সামাজিক দুৰত্বই কোভিড-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজখন অধিক শক্তিশালী খৰি তুলিব । অৱশ্যে সমান্তৰালভাৱে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাটোও এক চিন্তনীয় বিষয় বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে ।

বিগত ২৪ ঘন্টাত ভাৰতত পঞ্জীয়ন হয় ২,৯৫৮ গৰাকী সক্ৰিয় কোভিড-১৯ ৰোগী । মঙলবাৰে এই পৰিসংখ্যা আছিল ৩,৯০০ ।

লকডাউনৰ পূৰ্বতে থকা কোভিড-১৯ সংক্ৰমণ সংবৰ্ধনৰ সংখ্যা ৩.৪ দিনৰ পূৰ্বে লকডাউনৰ পিচত এই সংখ্যা ১২.৫ দিনলৈ বৃদ্ধি পাইছে, ই নিশ্চয়কৈ এক শুভ লক্ষণ । এইদৰে উল্লেখ কৰে কেন্দ্ৰীয় স্বাস্থ্য় মন্ত্ৰালয়ৰ যুটীয়া সচিব লভ আগৰৱালে ।

বৰ্তমানলৈ ভাৰতত ১৪,১৮৩ গৰাকী কোভিড-১৯ আক্ৰান্ত লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে । বিগত ২৪ ঘন্টাত ভাৰতত আৰোগ্য় লাভ কৰে ১,৪৫৭গৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগীয়ে । দেশত বৰ্তমানে আৰোগ্য় হোৱাৰ পৰিমান ২৮.৭২ শতাংশ হৈছে । বৰ্তমানে দেশত সৰ্বমুঠ কোভিড-১৯ আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৪৯,৩৯১ গৰাকী ।

স্বাস্থ্য় মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি, দেশত ৫৪৮ গৰাকী স্বাস্থ্যকৰ্মী কোভিড-১৯ৰ কৱলত পৰিছে । আনহাতে উত্তৰ-পূৰ্বাঞ্চলত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যাই ১০০ৰ সংখ্যা অতিক্ৰম কৰিছে । বিগত ২৪ ঘন্টাত অসম আৰু মেঘালয়ত ১৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে ।

লগতে পঢ়কঃগেছ লিক হোৱাৰ ফলত বিশাখাপট্টনমত শিশুসহ মৃত্যু 8 গৰাকীৰ

ABOUT THE AUTHOR

...view details