নিউজ ডেস্ক , ২৬ জুন:বুধবাৰে পুৱতি নিশা দিল্লীৰ গ্ৰেটাৰ নয়দাৰ পৰা লখনৌ অভিমুখে গৈ থকা এখন ডবল ডেকাৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয় । কন্নৌজৰ যগুৱা ভত্তাৰ সমীপত যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্থ হয় ।
বাছ দুৰ্ঘটনাঃ আহত 35 যাত্ৰী - দিল্লী
যাত্ৰীবাহী বাছখনত প্ৰায় ৩৫-৪০ জন যাত্ৰীয়ে যাত্ৰা কৰি আছিল বুলি জানিব পৰা গৈছে । আৰু বাছখনত থকা সকলো যাত্ৰী দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় ।
কন্নৌজত লখনৌ অভিমুখি বাছ দুৰ্ঘটনাগ্ৰস্থঃ ৩৫ জন যাত্ৰী আহত
যাত্ৰীবাহী বাছখনত প্ৰায় ৩৫-৪০ জন যাত্ৰীয়ে যাত্ৰা কৰি আছিল বুলি জানিব পৰা গৈছে । আৰু বাছখনত থকা সকলো যাত্ৰী দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় । আহত লোক কেইজনক ততাতৈয়াকে উন্নত চিকিৎসাৰ বাবে চিকিৎসা মহাবিদ্যালয় টিৰ্ৱালৈ প্ৰেৰণ কৰা হয় । ইয়াৰে ভিতৰত ৭ জন যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । উল্লেখ্য যে পুৱা ৩ বজাৰ পৰা ৪ বজাৰ মাজত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল । এই সময়চোৱাত বাছ চালকজনৰ টোপনী অহাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে একাংশ লোকে ।