নিউজ ডেস্ক, ৭মে': প্ৰৱাসী শ্ৰমিকৰ বাবে আগবঢ়োৱা বিশেষ ৰে'ল সেৱা সন্দৰ্ভত বৃস্পতিবাৰে কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ ভাৰতীয় ৰে'ল সেৱা সংস্থাৰ । প্ৰৱাসী শ্ৰমিকৰ বাবে আগবঢ়োৱা ৰে'ল সেৱাত শ্ৰমিকসকলৰ পৰা টকা আদায় কৰা বিষয়ক লৈ ৰাজনীতি কৰাৰ পৰা বিৰত থাকিবলৈ পত্ৰ যোগে অনুৰোধ জনাই ভাৰতীয় ৰে'ল সেৱা সংস্থাই ।
ভাৰতীয় ৰে'ল সেৱা সংস্থাই পত্ৰত উল্লেখ কৰে যে, মহামাৰী কৰ'ণা ভাইৰাছৰ সময়ত যাত্ৰা কৰা বিপদজনক । কিন্তু ৰে'ল সেৱাৰ বিষয়ববীয়াৰ কঠোৰ পৰিশ্ৰমৰ বাবে এইটো কিছু পৰিমাণে সম্ভৱ কৰি তোলা হৈছে । কিন্তু ৰে'ল ষ্টেছন সমূহত বিনামূলীয়া ৰে'ল সেৱাৰ বাবে ভিৰ কৰা যাত্ৰী ৰোধ কৰিবলৈ ৰে'লৰ টিকটৰ মাচুল লোৱাটো আৱশ্যক ।
কংগ্ৰেছক প্ৰৱাসী শ্ৰমিকৰ ৰে'ল সেৱাকলৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ ভাৰতীয় ৰে'ল সেৱা সংস্থাৰ আনহাতে, ভাৰতীয় ৰে'ল সেৱা সংস্থাৰ সাধাৰণ সম্পাদক গোপাল মিশ্ৰই পত্ৰত বাখ্যা কৰে যে, বৰ্তমান ৰে'ল সমূহত কম সংখ্যক প্ৰৱাসী শ্ৰমিকক লৈ যাতায়ত অব্যাহত আছে । আৰু শ্ৰমিকসকলক থৈ উভতি অহা সময়ত সম্পূৰ্ণ খালী হৈ উভতিছে । আনহাতে, এই ৰে'ল সমূহৰ স্বচ্ছতা তথা সুৰক্ষাৰ বাবে নিয়োজিত হৈ আছে বহু সংখ্যক কৰ্মচাৰী । এই কৰ্মচাৰীসকলৰ খাদ্যৰ ব্যৱস্থা কৰাৰ বাবে কেইবা কোটি টকা নিয়োগ কৰা হৈছে । আৰু আপোনালক সকলো জ্ঞাত যে প্ৰৱাসী শ্ৰমিকৰ বাবে আগবঢো়ৱা এই বিশেষ ৰে'ল সেৱাত ৮৫ শতাংশ ভাৰতীয় ৰে'ল সেৱাই বহন কৰিছে আৰু বাকী ১৫ শতাংশ ৰাজ্য চৰকাৰে ।
তাৰোপৰি গোপাল মিশ্ৰই ছোনিয়া গান্ধীলৈ লিখা পত্ৰত উল্লেখ কৰে যে, "মই আপোনাক প্ৰবাসী শ্ৰমিকসকলক নিজ গৃহ ৰাজ্যলৈ যোৱা এটি ভাল পদ্ধতিৰ ওপৰত ৰাজনীতি নকৰিবলৈ অনুৰোধ জনাইছো ।"