নিউজ ডেস্ক, ১৮ জানুৱাৰী: হোৱাটছ এপ্পৰ নতুন নীতি সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ৰ মন্তব্য । সোমবাৰে ন্যায়ালয়ে কয় যে হোৱাটছ এপ্পৰ নতুন গোপনীয়তা নীতিক স্বীকাৰ কৰাটো এক স্বতঃস্ফূৰ্ত আছিল । যদি কোনো ব্যক্তিয়ে এই নতুন নিয়ম আৰু চৰ্তৰে সহমত নহয় তেন্তে সেই ব্যক্তিজনে হোৱাটছ এপ্প ব্যৱহাৰ নকৰিবলৈ অন্যথা তাত অন্তৰ্ভুক্ত হ'বলৈ বিকল্প ব্যৱস্থা বাচনি কৰিব নোৱাৰিব । এই নতুন নিয়ম অহা ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল । কিন্তু মে' মাহলৈ ইয়াক স্থগিত ৰাখে ।
লগতে আদালতে কয় যে যদি অধিকাংশ মোবাইল এপ্পছৰ নিয়ম আৰু চৰ্তসমূহ নিৰীক্ষণ কৰে তেন্তে আচৰিত হ'বলগীয়া কথা যে ইয়াৰ বাবে সহমত প্ৰকাশ কৰিছে নে নাই সেইটো বুজায় । ইয়াৰোপৰি গুগল মানচিত্ৰই হোৱাটছ এপ্প ব্যৱহাৰকাৰীৰ সকলো তথ্য আহৰণ কৰি ল'ব ।
নতুন নীতি সন্দৰ্ভত আবেদনকাৰীয়ে দাখিল কৰা অনুসৰি ব্য়ক্তিগত তথ্য ফাদিল হ'ব নে নাই এই সন্দৰ্ভত বিচাৰ কৰাটো নিত্যান্তই আৱশ্যক বুলি কেন্দ্ৰীয় চৰকাৰেও সহমত প্ৰকাশ কৰে । ২৫ জানুৱাৰীত ইয়াৰ শুনানি গ্ৰহণ কৰা হ'ব ।