অসম

assam

ETV Bharat / bharat

কেৱল বলীউদতে নহয় হলীউদতো আছে বৰ্ণবাদ

বলীউদৰ নেপটি'জমৰ পিচত এইবাৰ বিতৰ্কৰ সূত্ৰপাত হৈছে হলীউদত । হলীউদৰ চাৰ্লিচ এঞ্জেলচৰ তাৰকা লুচি লিউয়ে জনাই যে, হলীউদত থকা বৰ্ণবাদৰ বাবে আৰম্ভণিতে তেওঁ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে । চিডনি মৰনিং হেৰাল্ডৰ সৈতে এক সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে জনাই যে, আৰম্ভণিতে অভিনয়ৰ অডিচন দিয়াৰ সময়ত বহুবাৰ বহুতৰ লগতে সংঘৰ্ষ কৰিব লগা হৈছিল । reports variety.com ত প্ৰকাশ পাইছে এই তথ্য ।

dont-have-anything-to-lose-lucy-liu-on-being-hollywoods-black-sheep
dont-have-anything-to-lose-lucy-liu-on-being-hollywoods-black-sheep

By

Published : Jul 8, 2020, 8:40 PM IST

নিউজ ডেস্ক, ৮ জুলাই :বলীউডৰ নেপটিজমৰ পিচত এইবাৰ বিতৰ্কৰ সূত্ৰপাত হৈছে হলীউদত । হলীউদৰ চাৰ্লিচ এঞ্জেলচৰ তাৰকা লুচি লিউয়ে জনাই যে, হলীউডত থকা বৰ্ণবাদৰ বাবে আৰম্ভণিতে তেওঁ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে ।

চিডনি মৰনিং হেৰাল্ডৰ সৈতে এক সাক্ষাৎকাৰত অভিনেত্ৰী গৰাকীয়ে জনাই যে, আৰম্ভণিতে অভিনয়ৰ অডিচন দিয়াৰ সময়ত বহুবাৰ বহুতৰ লগতে সংঘৰ্ষ কৰিব লগা হৈছিল । reports variety.com ত প্ৰকাশ পাইছে এই তথ্য । অভিনেত্ৰী গৰাকীয়ে আকৌ জনাই যে, "সেই সময়ত মই একো গম পোৱা নাছিলো । মানুহক ভালদৰে চিনি পোৱা নাছিলো । কিন্তু মোৰ সৰলতাৰ সুযোগ লৈ বহুতে মোক অপকাৰ কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু মানুহে মোৰ লগত অপকাৰ কৰিলেও ভগবানে মোক সহায় কৰিছিল । কিছুমান এনেকুৱা কামৰ বাবে মই নিজকে সদাই সুখী অনুভৱ কৰো । উদাহৰণ হিচাপে এবাৰ মই আৰম্ভণিতে অভিনয়ৰ অডিচন দিবলৈ যাওঁতে এটা কোঠাৰ ভিতৰলৈ মোক লৈ যোৱা হ'ল । কোঠাটোত গৈ দেখো যে, তাত মোৰ বাদে আন কোনো মহিলা নাছিল । তেতিয়াই মই ভাবিছিলো যে মই কিয় আহিছো । কিন্তু অডিচনৰ অন্তত বহুতো মহিলাৰ লগতে তাত থকা সকলো ব্যক্তিয়ে মোক প্ৰশংসা কৰিছিল । গতিকে মই সাহস আৰু আত্মবিশ্বাস ৰাখি সদাই আগবাঢ়িছিলো ।" লগতে, সকলো ব্যক্তিকে সাহস আৰু আত্ম বিশ্বাস ৰাখি কাম কৰিবলৈ আহ্বান জনাইছে অভিনেত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, ৫১ বছৰীয়া অভিনেত্ৰী গৰাকীক শেহতীয়াভাবে “কিয় মহিলাক হত্যা কৰা হয়” নামৰ এখন ছবিৰ জৰিয়তে ৱেব চিৰিজত দেখা পোৱা যাব ।

ABOUT THE AUTHOR

...view details