অসম

assam

ETV Bharat / bharat

লক ডাউনত ঘৰুৱা হিংসাৰ বলি হোৱা সকল যাব নালাগিব থানালৈ - উৰিষ্যাত ঘৰুৱা হিংসা

ওড়িশা আৰক্ষীয়ে মঙলবাৰে কয় যে,ঘৰুৱা হিংসাৰ বলি হোৱা লোকসকলে গোচৰ ৰুজু কৰিবলৈ লক ডাউনৰ সময়চোৱাত থানালৈ যাব নালাগে ।

লক ডাউনত ঘৰুৱা হিংসাৰ বলি হোৱাসকল যাব নালাগিব থানালৈ
লক ডাউনত ঘৰুৱা হিংসাৰ বলি হোৱাসকল যাব নালাগিব থানালৈ

By

Published : Apr 15, 2020, 6:00 PM IST

নিউজ ডেস্ক, 15 এপ্ৰিলঃ ওড়িশাৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়কে ঘৰুৱা হিংসাত জৰিত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দিয়া নিৰ্দেশৰ এঘণ্টা পাচতেই ওড়িশা আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ঘোষণা কৰে। আৰক্ষীয়ে কয় যে এতিয়াৰে পৰা ঘৰুৱা হিংসাৰ বলি হোৱা কোনো লোকেই থানালৈ আহি FIR দাখিল কৰাৰ প্ৰয়োজন নাই । এটা ফোন কলতেই আৰক্ষী অভিযোগকাৰীৰ কাষত উপস্থিত হ'ব আৰু প্ৰয়োজন সাপেক্ষে তাতেই FIR ৰো দাখিল কৰিব পাৰিব ।

এই সম্পৰ্কে আৰক্ষী সঞ্চালক প্ৰধানে প্ৰতিখন জিলাৰ আৰক্ষী বিষয়ালৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে । উল্লেখ কৰিব লাগিব যে,মঙলবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়কে ঘৰুৱা হিংসাৰ লগত জৰিত বিষয়ক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছিল ।

বৰ্তমানলৈ এই লক্ ডাউনৰ সময়চোৱাত ওড়িশাত ঘৰুৱা হিংসাৰ কোনো গোচৰ পঞ্জীয়ন হোৱা নাই,কিন্তু বহু ৰাজ্যই ইতিমধ্যে এই ধৰণৰ বহুতো গোচৰ পাইছে । ঘৰুৱা হিংসাৰ বিৰুদ্ধে ফোন যোগে অভিযোগ দাখিল কৰিবলৈ আৰক্ষী থানাৰ ফোন নম্বৰৰ প্ৰচাৰ আৰু জিলা আৰক্ষীৰ হেল্পলাইন নম্বৰ মুকলি কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানে প্ৰতিখন জিলাৰে আৰক্ষী অধীক্ষক সকলক নিৰ্দেশ দিছে ।

লগতে চাওকঃ ৰঙালী বিহুত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ,অমৃতা গগৈৰ পৰিকল্পনা কি ?

ABOUT THE AUTHOR

...view details