নেশ্যনেল ডেস্ক, 2 এপ্ৰিলঃ ৰাষ্ট্ৰীয় মহিলা আয়োগে বৃহস্পতিবাৰে উল্লেখ কৰে যে, কৰ'ণা ভাইৰাছৰ বাবে দেশজুৰি জাৰি কৰা লক ডাউনৰ সময়ছোৱাত দেশত বৃদ্ধি পাইছে ঘৰুৱা হিংসাৰ পৰিমাণ ৷ মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে, এই কেইদিনত ঘৰুৱা হিংসাজনিত বহুতো গোচৰ পোৱা গৈছে ৷ য'ত পতিয়ে পত্নীক গালি পৰাৰ ওপৰিও তেওঁলোকক কভিড-19 উপনাম দি মাতিব ধৰিছে ৷
24 মাৰ্চৰ পৰা 1 এপ্ৰিললৈ মহিলা আয়োগে মুঠ 69টা ঘৰুৱা হিংসাৰ গোচৰ পাইছে আৰু সেই সংখ্যা প্ৰতিদিনে বাঢ়ি গৈ আছে ৷ আয়োগৰ অধ্যক্ষা গৰাকীয়ে উল্লেখ কৰা অনুসৰি, তেওঁৰ ওচৰত প্ৰতিদিনে এই সম্পৰ্কত 1 টা বা 2 টাকৈ মেইল আহে ৷ আনকি তেওঁৰ ব্যক্তিগত ই-মেইলতো আহে ৷ লগতে তেওঁৰ সহকৰ্মী সকলেও প্ৰতিদিনেই এই সম্পৰ্কে গোচৰ লাভ কৰি আছে ৷
ইয়াৰোপৰি তেওঁ কয়, তেওঁ লক ডাউনৰ সময়ত বিভিন্ন ধৰণৰ গোচৰ দেখিবলৈ পাইছে ৷ মহিলাসকল আৰক্ষীৰ কাষ চাপিব নোৱাৰে কিয়নো, যদিহে কোনো কাৰণত তেওঁলোকৰ স্বামী আৰক্ষী চকীলৈ যাবলগীয়া হয় তেন্তে ঘৰলৈ ঘুৰি আহি পত্নীৰ ওপৰত তেওঁলোকে অত্যাধিক নিৰ্যাতন চলায় ৷ যিটো হৈছে আন এক কঠিন সমস্যা ৷ আগতে মহিলা সকল বাহিৰলৈ ওলাই গৈ নিজৰ পিতৃ-মাতৃৰ ঘৰলৈ গুছি আহে, অথবা আন কোনো স্থানলৈ সাময়িকভাৱে ওলাই যাব পাৰিছিল ৷ কিন্তু এতিয়া এই বিকল্প ব্যৱস্থাও বন্ধ হৈ যায় ৷