অসম

assam

চলিত মাহতে আৰম্ভ হ'ব ঘৰুৱা বিমান যাত্ৰা

By

Published : May 11, 2020, 5:27 PM IST

সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, চৰকাৰে চলিত মাহতে ঘৰুৱা বিমানৰ যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিব ।

চলিত মাহতে আৰম্ভ হ'ব ঘৰুৱা বিমান যাত্ৰা
চলিত মাহতে আৰম্ভ হ'ব ঘৰুৱা বিমান যাত্ৰা

নিউজ ডেস্ক, ১১ মে' :দেশত সীমিত ৰেল যাত্ৰা আৰম্ভ হোৱাৰ কথা ঘোষণা কৰাৰ এদিন পিচতে দেশত ঘৰুৱা বিমান সেৱাও আৰম্ভ কৰাৰ কথা চৰকাৰে শীঘ্ৰেই ঘোষণা কৰাৰ সম্ভাৱনা আছে । বিশেষ সূত্ৰই ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে । সূত্ৰই প্ৰকাশ কৰা অনুসৰি, চলিত মাহৰ ভিতৰতে দেশত ঘৰুৱা বিমানৰ যাত্ৰা আৰম্ভ হোৱাৰ সম্ভৱনা প্ৰকট হৈছে ।

অসামৰিক বিমান পৰিৱহণ বিভাগৰ মহানিৰ্দেশক, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ আৰু দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লিমিটেডৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছে আৰু ইয়াৰ পিচতে এটা দলে দিল্লী বিমানবন্দৰ পৰিভ্ৰমণো কৰিছে ।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰধানসকলৰ সৈতে বৈঠক অনুষ্ঠিত হৈ যায় । হয়টো এই বৈঠকত ঘৰুৱা বিমান পৰিৱহণৰ ওপৰতো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যদিও এতিয়ালৈকে তাৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই । প্ৰথম অৱস্থাত দিল্লী, মুম্বাই, হায়দৰাবাদ আৰু বেংগালুৰু বিমানবন্দৰৰ পৰা ঘৰুৱা বিমান পৰিৱহণৰ সুবিধা প্ৰদান কৰা হ'ব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে । সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি, বিমানযাত্ৰীসকলে আৰোগ্য সেঁতু এপ নিজৰ নিজৰ ডিভাইছত সংযোগ কৰিব লাগিব আৰু মাস্ক, ফেচ শ্বীল্ড আৰু গ্লোভচ পৰিধান কৰাটো বাধ্যতামুলক কৰিবলৈ চৰকাৰে নিৰ্দেশনা প্ৰদান কৰিব ।

সদ্যহাতে দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কোভিড-১৯ৰ গতি ৰোধ কৰিবলৈ যাত্ৰীসকলৰ বেগ আৰু সামগ্ৰী সংক্ৰমণমুক্ত কৰিবলৈ অতি বেঙুনীয়া ৰশ্মিযুক্ত মেচিন স্থাপন কৰিছে ।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহণ মন্ত্ৰী হৰদ্বীপ পুৰীয়ে প্ৰকাশ কৰিছিল যে, বিমানবন্দৰসমূহ মুকলি কৰি দিয়াৰ পিচত দীঘলীয়া শাৰী পাতিবলৈ দিয়া নহ'ব । যাত্ৰীসকলক সাধাৰণভাৱেই নিৰ্দিষ্ট সময়ত বিমানবন্দৰত উপস্থিত হ'বলৈ কোৱা হ'ব আৰু সামগ্ৰীৰ পৰিমান কম কৰি দিয়াৰ লগতে খাদ্যসেৱা একেবাৰে বন্ধ কৰি দিয়া হ'ব ।

বিমানবন্দৰৰ সুৰক্ষাত নিয়োজিত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল, চমুকৈ চিআইএছএফেও বিমান পৰিৱহণ মন্ত্ৰালয়ক এই সন্দৰ্ভত নিজৰ স্থিতি জনাইছে ।

বিগত ২৪ মাৰ্চৰ পৰা দেশত ঘৰুৱা বিমান পৰিৱহণ বন্ধ হৈ আছিল আৰু শেহতীয়াকৈ ইটিভি ভাৰতৰ আগত বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, চলিত মাহৰ ১৮ তাৰিখৰ পৰা দেশত ঘৰুৱা বিমান পৰিৱহণ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়কঃবহুভাষী Covid-19 ট্ৰেকিং এপ 'আৰোগ্য সেঁতু' মুকলি চৰকাৰৰ

ABOUT THE AUTHOR

...view details