চুলতানৰ নতুন ঠিকনা আৰক্ষী চকী - sagar
চুলতান নামৰ কুকুৰটোৰ গৰাকী হত্যাৰ গোচৰত অভিযুক্ত হোৱাৰ পিছতে কুকুৰটো অকলশৰীয়া হৈ পৰে ৷

চুলতানৰ নতুন ঠিকনা আৰক্ষী চকী
নিউজ ডেস্ক, 3 জুলাই: সচৰাচৰ কুকুৰক মানুহৰ বিশ্বাসী বন্ধু বুলি কোৱা হয় যদিও এক বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে মধ্য প্ৰদেশৰ সাগৰত ৷ চুলতান নামৰ কুকুৰটোৰ গৰাকী হত্যাৰ গোচৰত অভিযুক্ত হোৱাৰ পিছতে কুকুৰটো অকলশৰীয়া হৈ পৰে ৷ আৰক্ষী চকীৰ লোকসকলে এই কথা জানিব পাৰি কুকুৰটোক আৰক্ষী চকীলৈ লৈ আনে৷ গাখীৰ, ব্ৰেড, ৰুটী খাই থানা চৌহদত নেজ জোকাৰি এতিয়া ঘুৰি ফুৰে চুলতানক ৷ থানা কৰ্তৃপক্ষয়ে জানিব দিয়া মতে, কোনো লোকো ইচ্ছা কৰিলে চুলতানক নিজৰ কৰি লব পাৰে ৷