নিউজ ডেস্ক, 20 জুলাইঃ এতিয়াৰে পৰা কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল চমুকৈ চিআইএছএফৰ ওচৰত থাকিব আমেৰিকান নৌ-সেনাৰ বিশেষ কামাণ্ডো ইউনিট ছীল টীমৰ ডগ স্কোৱাডত থকা বেলজিয়ান মেলানইচ কুকুৰ ৷ চিআইএছএফে শেহতীয়াকৈ প্ৰায় 1.50 লাখ টকা ব্যয় কৰি ক্ৰয় কৰিছে এই বিশেষ কুকুৰৰ প্ৰজাতি ৷ চিআইএছএফ, দিল্লী ইউনিটৰ ডেপুটি কামাণ্ডেন্ট ডাঃ ৰমেশ কুমাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ দিল্লী মেট্ৰ'ৰ লগতে যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটো চোৱাচিতা কৰিবলৈয়ে বাহিনীটোৱে ক্ৰয় কৰিছে এই বিশেষ প্ৰজাতিৰ কুকুৰ ৷
চিআইএছএফ ডগ স্কোৱাডত সংযোজন ছীল টীমৰ বেলজিয়ান মেলানইচ
আমেৰিকান নৌ-সেনাৰ বিশেষ কামাণ্ডো ইউনিট ছীল টীমৰ ডগ স্কোৱাডত থকা বেলজিয়ান মেলানইচ কুকুৰ লাভ কৰিলে কেন্দ্ৰীয় ঔদ্যোগিত সুৰক্ষা বল চমুকৈ চিআইএছএফে ৷ দিল্লী মেট্ৰ' ৰেল কৰ্পৰেশ্বনৰ সহযোগত চিআইএছএফে মুঠ 1.50 লাখ টকাৰে ক্ৰয় কৰা হৈছে এই বিশেষ কুকুৰৰ প্ৰজাতিটো ৷
বেংগালুৰুৰ এগৰাকী ব্যক্তিৰ পৰা ক্ৰয় কৰা বেলজিয়ান মেলানইচ প্ৰজাতিৰ কুকুৰটোৰ নাম দিয়া হৈছে "খোজ" ৷ এইটোৱে হৈছে চিআইএছএফৰ আটাইতকৈ মূল্যৱান কুকুৰ যাক 65 হাজাৰ টকাৰে ক্ৰয় কৰাৰ লগতে তাৰ প্ৰশিক্ষণৰ নামত বাহিনীটোৱে ব্যয় কৰিব সৰ্বমুঠ 85 হাজাৰ টকা ৷ উল্লেখ্য যে, বিশ্বত্ৰাস ওচামা বিন লাডেনক নিহত কৰা আমেৰিকান ছীল বাহিনীৰ সৈতে অভিযানটোত অংশ লৈছিল বেলজিয়াম মেলানইচ প্ৰজাতিৰ কুকুৰে ৷ এই প্ৰজাতিৰ কুকুৰৰ বিশেষ ক্ষমতা হৈছে ইয়াৰ দৌৰ সক্ষমতা, যিয়ে এবাৰত এখন্তেকো নোৰোৱাকৈ 25-30 কিলোমিটাৰ দৌৰিব পাৰে ৷ ইয়াৰ উপৰিও বিশেষ প্ৰশিক্ষণৰদ্বাৰা কুকুৰটোৱে যাত্ৰীৰ সুৰক্ষাৰ লগতে তালাচী অভিযান, অবৈধ সামগ্ৰীৰ চিনাক্তকৰণ, অবৈধ অস্ত্ৰ তথা বিস্ফোৰক চিনাক্তকৰণ আদি কাম সুচাৰুৰূপে সম্পন্ন কৰিব পাৰে ৷