অসম

assam

ETV Bharat / bharat

পঞ্চম দিনত চিকিৎসকৰ প্ৰতিবাদঃ কণিষ্ঠ চিকিৎসকৰ সকলো দাৱী মানি লোৱাৰ অশ্বাস মমতা বেনাৰ্জীৰ - INDIA

চিকিৎসকক সুৰক্ষা প্ৰদানৰ দাবীত কনিষ্ঠ চিকিৎসকৰ কৰ্মবিৰতি ৷ দিল্লী, মহাৰাষ্ট্ৰ, হায়দৰাবাদ , কেৰালা , ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন স্থানত এই ঘটনাৰ প্ৰতিবাদত চিকিৎসকৰ কৰ্মবিৰতি ৷ উল্লেখ্য যে শুকুৰবাৰে দিল্লীৰ এইমচত নতুন ৰোগীৰ পঞ্জীয়ন বন্ধ কৰি ৰখা হৈছিল যদিও শনিবাৰে এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনাই এইমচৰ চিকিৎসক সকলে হেলমেট, ক’লা বেজ আদি পৰিধান কৰি ৰোগীক চিকিৎসা প্ৰদান কৰিছিল ৷ চিকিৎসকসকলৰ এই প্ৰতিবাদৰ ফলত সমস্যাৰ সন্মুখীন হৈছে ৰোগীসকল ৷ পশ্চিম বংগত সৃষ্টি হৈছে অৰাজক পৰিস্থিতিৰ ৷

কিয় ধৰ্মঘটত বহিল কনিষ্ঠ চিকিৎসক সকল ?

By

Published : Jun 15, 2019, 9:41 PM IST

নিউজ ডেস্ক, 15 জুন: সোমবাৰে নিশা অৰ্থাত 10 জুন তাৰিখে এন আৰ এচ চিকিৎসা মহাবিদ্যালয় হস্পিতালত এগৰাকী ৰোগী মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সম্পৰ্কীয় লোকে আক্ৰমণ কৰাৰ ফলত আহত হৈছিল তিনিজন কনিষ্ঠ চিকিৎসকৰ লগতে আহত হৈছিল এগৰাকী চতুৰ্থ বৰ্ষৰ ছাত্ৰ ৷ চিকিৎসকৰ ওপৰত হোৱা এই আক্ৰমণৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিছে কনিষ্ঠ চিকিৎসকসকলে ৷

চিকিৎসকক সুৰক্ষা প্ৰদানৰ দাবীত কনিষ্ঠ চিকিৎসকৰ কৰ্মবিৰতি ৷ দিল্লী আৰু মহাৰাষ্ট্ৰ, হায়দৰাবাদ , কেৰালা , ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন স্থানত এই ঘটনাৰ প্ৰতিবাদত চিকিৎসকৰ কৰ্মবিৰতি ৷ উল্লেখ্য যে শুকুৰবাৰে দিল্লীৰ এইমচত নতুন ৰোগীৰ পঞ্জীয়ন বন্ধ কৰি ৰখা হৈছিল যদিও শনিবাৰে এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনাই এইমচৰ চিকিৎসক সকলে হেলমেট, ক’লা বেজ আদি পৰিধান কৰি ৰোগীক চিকিৎসা প্ৰদান কৰিছিল ৷ চিকিৎসকসকলৰ এই প্ৰতিবাদৰ ফলত সমস্যাৰ সন্মুখীন হৈছে ৰোগীসকল ৷ পশ্চিম বংগত সৃষ্টি হৈছে অৰাজক অৱস্থাৰ ৷

পশ্চিম বংগত কনিষ্ঠ চিকিৎসকক মাৰপিটৰ ঘটনাৰ পাচতে চিকিৎসক সকলে কৰ্মবিৰতি পালন কৰিছে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল কেশৰী নাথ ত্ৰিপাঠীয়ে অতি সোনকালে কনিষ্ঠ চিকিৎসকসকলক প্ৰতিবাদ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় ৷ বিজেপিৰ উচতনিত এনে ঘটনা সংঘটিত হৈছে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰোগীৰ কথা চিন্তা কৰি কনিষ্ঠ চিকিৎসকলকলক প্ৰতিবাদ স্থগিত ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে মানি ল'বলৈ প্ৰতিবাদকাৰীসকলে অস্বীকাৰ কৰি চৰকাৰে চিকিৎসকসকলৰ সুৰক্ষা নিশ্চিত নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি জনায়৷ আনহাতে শেহতীয়া ভাৱে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চিকিৎসকলক সম্পূৰ্ণ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে যদিও এই ক্ষেত্ৰত প্ৰতিবাদকাৰী সকলে কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷ কনিষ্ঠ চিকিৎসক সকলৰ এই প্ৰতিবাদক সমৰ্থন জনাই 43 গৰাকী জেষ্ঠ চিকিৎসকে পদত্যাগ কৰে ৷

শনিবাৰৰ সন্ধিয়া এক সংবাদমেল যোগে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে কনিষ্ঠ চিকিৎসক সকলৰ সকলো দাবি বিনা চৰ্তে মানি লোৱা হ’বআৰু কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া তেওঁলোকৰ বিৰুদ্ধে গ্ৰহন কৰা নহয় বুৱি তেওঁ অশ্বাস প্ৰদান কৰে ৷ তেওঁ লগতে কনিষ্ঠ চিকিৎসক সকলক নিজৰ দায়িত্ব পালন কৰিবলৈ অনুৰুধ জনাই










ABOUT THE AUTHOR

...view details