অসম

assam

ETV Bharat / bharat

লালু প্ৰসাদৰ যাদৱৰ কিডনীয়ে কৰিছে 25 শতাংশ কাম - কিডনীৰ কাম কৰাৰ ক্ষমতা

ৰিম্সত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱস্থাক লৈ যিকোনো সময়ত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হ‘ব পাৰে ৷ এই কথা সদৰী কৰে লালু প্ৰসাদৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসক ওমেশ প্ৰসাদে ৷

doctor-says-kidney-of-lalu-prasad-yadav-only-25-percent-function
লালু প্ৰসাদৰ যাদৱৰ কিডনীয়ে কৰিছে 25 শতাংশ কাম

By

Published : Dec 13, 2020, 10:32 PM IST

নিউজ ডেস্ক, 13 ডিচেম্বৰ :ছাৰা কেলেংকাৰীত অভিযুক্ত হৈ কাৰাবাস কাটি থকা আৰু ৰিম্সত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰাজনৈতিক লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱস্থাক লৈ যিকোনো সময়ত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হ‘ব পাৰে ৷ এই কথা সদৰী কৰে লালু প্ৰসাদৰ চিকিৎসাৰ দায়িত্বত থকা চিকিৎসক ওমেশ প্ৰসাদে ৷

ডাঃ ওমেশ প্ৰসাদে কয় যে, শেহতীয়াকৈ নেতাগৰাকীৰ যি স্বাস্থ্য পৰীক্ষাৰ ৰিপ‘ৰ্ট আহিছে তাক চাই ক‘ব পাৰি যে, তেওৰ কিডনী 25 শতাংশহে কাৰ্যক্ষম হৈ আছে ৷ এই ক্ষেত্ৰত তেওঁক ডায়েলেছিচ কৰোৱাৰ প্ৰয়োজনীতা আহি পৰিব পাৰে ৷ এই সন্দৰ্ভত চিকিৎসক গৰাকীয়ে তেওঁৰ উৰ্ধতম কতৃপক্ষলৈ ৰিপ‘ৰ্ট প্ৰেৰণ কৰা বুলি মন্তব্য কৰিছে ৷

ইয়াৰোপৰি তেওঁ কয় যে, মধুমেহ হোৱাৰ বাবে লালু প্ৰসাদৰ কিডনীত প্ৰভাৱ পৰিছে ৷ মধুমেহ নিয়ন্ত্ৰণ কৰাৰ বাবে ইঞ্চুলিন দি থকা হৈছে ৷ কিন্তু তাৰ পাচতো কিডনীৰ কাম কৰাৰ ক্ষমতাত যথেষ্ট অৱনতি ঘটিছে ৷

লগতে পঢ়ক: কৃষক সকলৰ পক্ষত বটবৃক্ষ হৈ থিয় দিয়া কোন এই চৌধুৰী মহেন্দ্ৰ সিং টিকেইত ?

ABOUT THE AUTHOR

...view details