অসম

assam

ETV Bharat / bharat

স্মাৰ্ট ফোনত অনলাইনেৰে অহা প্ৰৱঞ্চনাৰ জালত নোসোমাব - প্ৰতিকী ভংগী

পঞ্জাৱৰ শিক্ষামন্ত্ৰী বিজয় ইন্দৰ সিংলাই ৰাজ্যখনৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থী সকলৰ বাবে মুকলি কৰা 'পঞ্জাৱ স্মাৰ্ট কানেক্ট স্কীম' শীৰ্ষক এটা আঁচনিৰ প্ৰসংগত শুক্ৰবাৰে ক'লে, যাতে কোনো লোকেই এই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে স্মাৰ্ট ফোনত অনলাইনেৰে অহা প্ৰৱঞ্চনাৰ জালত নপৰে তাৰ বাবে সকলোকে সচেতন কৰি থলো ।

Do not fall prey to online fraudsters promising smart phones: Punjab Education Minster
স্মাৰ্ট ফোনত অনলাইনেৰে অহা প্ৰৱঞ্চনাৰ জালত নোসোমাব : পঞ্জাৱৰ শিক্ষামন্ত্ৰী

By

Published : Aug 15, 2020, 4:45 PM IST

নিউজ ডেস্ক,১৫ আগষ্ট: দুদিন পূৰ্বে এটা স্মাৰ্ট ফোনৰ আঁচনি মুকলি কৰি শুকুৰবাৰে পঞ্জাৱৰ শিক্ষামন্ত্ৰী বিজয় ইন্দৰ সিংলাই সকলোকে অনলাইনেৰে অহা প্ৰৱঞ্চনাৰ জালখনত নোসোমাবৰ বাবে আহ্বান জনালে । লগতে জনালে যে, নতুনকৈ মুকলি কৰা 'পঞ্জাৱ স্মাৰ্ট কানেক্ট স্কীম'ৰ জৰিয়তে চৰকাৰী শিক্ষানুস্থানত অধ্যয়নৰত প্ৰতিগৰাকী দ্বাদশ মানৰ ছাত্ৰ ছাত্ৰীকহে বিনামূলীয়াকৈ বিতৰণ কৰা হ'ব একোটাকৈ স্মাৰ্ট ফোন ।

শেহতীয়াকৈ হোৱাটছএপকে ধৰি ছ'চিয়েল মেডিয়াত প্ৰচাৰ হোৱা এটা বাৰ্তাৰ স্পষ্টীকৰণ দি শিক্ষা মন্ত্ৰী গৰাকীয়ে ক'লে, 'পঞ্জাৱ স্মাৰ্ট কানেক্ট স্কীম' টো কেৱল চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়নৰত প্ৰতিগৰাকী দ্বাদশ মানৰ ছাত্ৰ ছাত্ৰীৰ বাবেহে হ'ব প্ৰযোজ্য ।

আমি চৰকাৰী শিক্ষানুস্থানত পঞ্জীয়নভূক্ত শিক্ষাৰ্থী সকলৰ নামৰ আধাৰতহে প্ৰদান কৰিম এই সুবিধা । এনে ক্ষেত্ৰত অন্য কোনো শিক্ষাৰ্থী অথবা লোকক এই সুবিধা প্ৰদানৰ প্ৰশ্ন আহিব নোৱাৰে । এইদৰে ক'লে শিক্ষামন্ত্ৰী গৰাকীয়ে।

শিক্ষামন্ত্ৰী গৰাকীয়ে লগতে কলে যে, 'পঞ্জাৱ স্মাৰ্ট কানেক্ট স্কীম' ৰ সুবিধা পাব লগা সকলৰ বাবে চৰকাৰে কোনো ধৰণৰ ৱেবচাইট অথবা ছ'চিয়েল মেডিয়া প্লেটফৰ্মৰ ব্যৱস্থা কৰা নাই । সেয়েহে ভুৱা প্ৰচাৰেৰে অনলাইনেৰে কৰা প্ৰৱঞ্চক সকলৰ বিৰুদ্ধে চাইবাৰ ক্ৰাইম নিয়ন্ত্ৰণ আইনৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণৰ সকীয়নি প্ৰদান কৰিলো ।

শিক্ষামন্ত্ৰী গৰাকীয়ে চৰকাৰৰ এই আঁচনিৰ সুবিধা প্ৰদানৰ বাবে হোৱাটছএপ অথবা মেচেজত অহা কোনো ধৰণৰ ইউ আৰ এলত ক্লিক নকৰিবলৈ সকলোকে আহ্বান জনালে ।

লগতে মন্ত্ৰী গৰাকীয়ে সকলোকে সচেতন কৰি কলে যে, এনে ধৰণে Phishing Attacksৰ জৰিয়তে ছাইবাৰ অপৰাধীয়ে আপোনাৰ ডিভাইচক হেক পৰ্যন্ত কৰি পেলাব পাৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ ফটো সংলগ্ন Captain Smartphone Distribution Scheme 2020 ৰ পৰা ফটোখন গ্ৰাফিক্সেৰে অন্যত সংযোগ কৰি কোনো দুষ্ট চক্ৰই ছ'চিয়েল মেডিয়াত ভুৱা প্ৰচাৰ চলাইছে ।

উল্লেখ্য যে, যোৱা ১২ আগষ্টত ৰাজ্যৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰেন্দ্ৰ সিঙে চৰকাৰী শিক্ষানুষ্ঠানৰ ছয় গৰাকী দ্বাদশ মানৰ শিক্ষাৰ্থীৰ হাতত প্ৰতীকী ভংগীৰে স্মাৰ্টফোন তুলি ধৰি 'পঞ্জাৱ স্মাৰ্ট কানেক্ট স্কীম'ৰ শুভাৰম্ভনি কৰিছিল ।

ABOUT THE AUTHOR

...view details