বাংগালোৰ, 4 চেপ্টেম্বৰ: দলীয় নেতা ডিকে শিৱকুমাৰক এনফৰ্চমেন্ট সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদেৰে কঁপাই তোলে ৷ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিয়ে টুইটাৰযোগে শিৱকুমাৰৰ গ্ৰেপ্তাৰক এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি বুলি অভিহিত কৰে ৷ অনুসন্ধানত পূৰ্ণ সহযোগিতা কৰাৰ পাচতো শিৱকুমাৰক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ কৰি কংগ্ৰেছে আইনী আৰু ৰাজনৈতিকভাৱে তেওঁৰ হৈ যুঁজিব বুলিও কয় ৷ মঙলবাৰে সন্ধিয়া এনফৰ্চমেন্ট সঞ্চালকালয়ে অবৈধ ধনৰ লেনদেনৰ অভিযোগত শিৱকুমাৰক গ্ৰেপ্তাৰ কৰিছিল ৷ উল্লেখ্য যে, 29 আগষ্টত কৰ্ণাটকৰ উচ্চ ন্যায়লয়ে শিৱকুমাৰে অভিযোগৰ বিৰুদ্ধে দিয়া আবেদন খাৰিজ কৰিছিল ৷
ডিকে শিৱকুমাৰৰ গ্ৰেপ্তাৰক লৈ কৰ্ণাটকত ৰাজ্যজুৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ
কংগ্ৰেছ নেতা ডিকে শিৱকুমাৰক এনফৰ্চমেন্ট সঞ্চালকালয়ৰ গ্ৰেপ্তাৰ ৷ ৰাজ্যজুৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ৷ এই গ্ৰেপ্তাৰক এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি বুলি অভিহিত কৰে কংগ্ৰেছে ৷ আইনী আৰু ৰাজনৈতিকভাৱে গ্ৰেপ্তাৰৰ প্ৰতিবাদৰ সংকল্প কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ ৷
শিৱকুমাৰৰ গ্ৰেপ্তাৰক লৈ কৰ্ণাটকত ৰাজ্যজুৰি প্ৰতিবাদ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কৰ্মীৰ
'' এয়া এক সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ ৷ মই একো দোষ কৰা নাই, কোনো হত্যা বা দুৰ্নীতিত জড়িত নাই ৷ উদ্ধাৰ কৰা ধনখিনি মই নিজে উপাৰ্জন কৰা ধন ৷ " 57 বছৰীয়া কংগ্ৰেছ নেতাগৰাকীয়ে এইদৰে সংবাদ মাধ্যমৰ আগত নিজকে নিৰ্দোষী বুলি দাবী কৰে ৷