অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে উৎকোচৰ দাবীৰ অভিযোগ - উৎকোচৰ দাবী উত্তৰ প্ৰদেশ আৰক্ষীৰ

উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ এগৰাকী বিশেষভাৱে সক্ষম মহিলাৰ । কন্যাৰ সন্ধানৰ বাবে উৎকোচৰ দাবী উত্তৰ প্ৰদেশ আৰক্ষীৰ ।

উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে উৎকোচৰ দাবীৰ অভিযোগ
উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে উৎকোচৰ দাবীৰ অভিযোগ

By

Published : Feb 3, 2021, 7:24 PM IST

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে এক অভিযোগ আনিছে এগৰাকী বিশেষভাৱে সক্ষম মহিলাই । ঘটনা অনুসৰি, মহিলাগৰাকীৰ ১৫ বছৰীয়া কন্যা বিগত এমাহে সন্ধানহীন হৈ আছে । কোনো লোকে অপহৰণ কৰাত চাৰিওদিশে বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান লাভ নকৰাত অৱশেষত উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপে মহিলাগৰাকী । কিন্তু এতিয়া আৰক্ষীয়েও সংগ দিয়া নাই দুৰ্ভগীয়া মহিলাগৰাকীক ।

মহিলাগৰাকীৰ অভিযোগ অনুসৰি, কন্যাৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে তেওঁৰ পৰা এবাৰ দুবাৰ নহয়, বহুবাৰ তেল খৰচৰ বাবে ধন দাবী কৰে । অৱশেষত মহিলা গৰাকীয়ে উত্তৰ প্ৰদেশৰ আৰক্ষী অধীক্ষকৰ কাষ চাপে । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে ।

যদিহে মহিলাগৰাকীৰ অভিযোগ সঁচা প্ৰমাণিত হয় তেন্তে ইয়াৰ বিৰুদ্ধেও বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক: দিল্লীৰ কাৰাগাৰত আৱদ্ধ ১১৫ গৰাকী কৃষক: কেজৰিৱাল

ABOUT THE AUTHOR

...view details