নিউজ ডেস্ক ,৯ জুনঃ মধ্যপ্ৰদেশৰ খানাৱা জিলাৰ নিম্ন ন্যায়লয়ৰ ন্যায়াধীশৰ দেহত কোভিড-১৯ পজিটিভ ধৰাৰ পৰাৰ কথা সদৰি কৰে বিভাগীয় কৰ্তৃপক্ষই সোমবাৰে । ইপিনে ন্যায়াধীশ জনৰ দেহত কোভিড-১৯ ধৰাৰ পৰাৰ পিছতে তেওঁৰ সংস্পশলৈ অহা লোকসকলক কোৱাৰেন্টাইন কৰা হৈছে । আনহাতে তেওঁৰ পদত অতিৰিক্ত ভাৱে কাম চলাই নিবলৈ বিৰেন্দ্ৰ এছ পাটিদাৰক দায়িত্ব প্ৰদান কৰা হৈছে বুলি উচ্চ ন্যায়লয়ৰ ৰেজিষ্টাৰ জেনেৰেল আৰ কে ভানিয়ে উল্লেখ কৰে ।
মধ্য প্ৰদেশৰ জিলা ন্যায়ালয়ৰ ন্যায়াধীশৰ দেহত কোভিড-১৯ পজিটিভ - মধ্য প্ৰদেশৰ জিলা ন্যায়ালয়ৰ ন্যায়াধীশৰ দেহত কোভিড-১৯ পজিটিভ
মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ প্ৰশাসনে নিম্ন আদালতৰ ন্যায়াধীশৰ দেহত কোভিড-১৯ ধৰা পৰাৰ পিছতেই কৰ্তব্যৰ পৰা অব্যাহতি দিয়ে । তেওঁৰ সংস্পশলৈ অহা সকলোকে কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰে ।
জিলা ন্যায়লয়ৰ জজৰ দেহত কোভিড ১৯ পজিটিভ