অসম

assam

উচ্চতম ন্যায়ালয়ৰ ৰায়দানত অসন্তুষ্ট মুছলীম পাৰ্চনেল ল' বৰ্ড

By

Published : Nov 9, 2019, 4:21 PM IST

উচ্চতম ন্যায়ালয়ৰ ৰায়দানত অসন্তুষ্টি প্ৰকাশ মুছলীম পাৰ্চনেল ল' বৰ্ডৰ ৷ এ আই এম পি এল বি (AIMPLB)ৰ অধিবক্তা জাফৰয়াব জিলানীৰ মন্তব্য ৰায়দানৰ পুনৰ বিচাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত জনোৱা হ'ব আবেদন ৷

জাফৰয়াব গিলানীৰ সংবাদমেল

নিউজ ডেস্ক, 9 নৱেম্বৰঃঅযোধ্যাৰ বিবাদমান ভূমি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়দানত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মুছলীম পাৰ্চনেল ল' বৰ্ডে ৷ এ আই এম পি এল বিৰ (AIMPLB) অধিবক্তা জাফৰয়াব জিলানীৰ মন্তব্য ৰায়দানৰ পুনৰ বিচাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত জনোৱা হ'ব আবেদন ৷ মছজিদৰ কোনো মূল্য নাই ৷ আমি প্ৰত্যেকটো সম্প্ৰদায়ৰ লোকক শান্তি আৰু শৃংখলা বজাই ৰখাৰ আহ্বান জনাইছো ৷

জাফৰয়াব গিলানীৰ সংবাদমেল

লগতে পঢ়কঃউচ্চতম ন্যায়ালয়ৰ ৰায়দানক সমৰ্থন শাসক-বিৰোধী উভয়ৰে !

আনহাতে মুছলীম পাৰ্চনেল ল' বৰ্ডৰ কাৰ্যবাহী সদস্য কামাল ফাৰুকিয়ে মন্তব্য কৰে যে, ইয়াৰ সলনি আমাক এশ একৰ ভূমি দিলেও আমাৰ কোনো লাভ নহ'ব ৷ আমাৰ 67 একৰ ভূমি ইতিমধ্যে দখল কৰা হৈছে তাৰ পৰিৱৰ্তে কেৱল 5 একৰ ভূমি দিয়াটো কেনে ধৰণৰ ন্যায় বুলিও প্ৰশ্ন উত্থাপন কৰে বৰ্ডৰ কাৰ্যবাহী সদস্যগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details