অসম

assam

ETV Bharat / bharat

মুলায়াম সিং যাদৱ আৰু অখিলেশ যাদৱক ক্লীনশ্বীট জাৰী উচ্চতম ন্যায়ালয়ৰ - Mulayam and Akhilesh

Disproportionate assets case-গোচৰ সন্দৰ্ভত ক্লীনশ্বীট জাৰি কৰে দুগৰাকী নেতাকে

মুলায়াম সিং যাদৱ আৰু অখিলেশ যাদৱক ক্লীনশ্বীট জাৰী উচ্চতম ন্যায়ালয়ৰ

By

Published : May 21, 2019, 2:56 PM IST

নতুন দিল্লী, ২১ মে': নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে দুগৰাকী সমাজবাদী দলৰ নেতালৈ আহিল ভাল খবৰ । কিয়নো পূৰ্বৰে পৰা চলি থকা এটা গোচৰত ক্লীনশ্বীট দিলে উচ্চতম ন্যায়ালয়ে ।

সমাজবাদী পাৰ্টীৰ নেতা মুলায়াম সিং যাদৱ আৰু অখিলেশ যাদৱক মঙলবাৰে উচ্চতম ন্যায়ালয়ে দিয়ে ক্লীনশ্বীট । Disaproportionate assets case-গোচৰ সন্দৰ্ভত ক্লীনশ্বীট জাৰি কৰে দুগৰাকী নেতাকে ।

উচ্চতম ন্যায়ালয়ত অধিবক্তা বিশ্বনাথ চতুৰ্বেদীয়ে দাখিল কৰা এক আৱেদনৰ শুনানি কৰি ২০১৩ বৰ্ষৰ ৭ আগষ্টতে এই গোচৰটো বন্ধ কৰা হৈছিল বুলি উল্লেখ কৰে । লগতে, নেতাদ্বয়ৰ বিৰুদ্ধে কোনো সঠিক প্ৰমাণ নথকাৰ কথাও উল্লেখ কৰে ন্যায়ালয়ে । আনহাতে, পৰৱৰ্তী সময়ত জুন মাহত উচ্চতম ন্যায়ালয় কাৰ্যসূচী আৰম্ভ হলে পুনৰ এই ঘটনাৰ শুনানি কৰা হব বুলিও উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে ।

উল্লেখ্য যে, ২০০৫ বৰ্ষত মুলায়াম সিং যাদৱ আৰু তেওঁৰ পুত্ৰ সন্তান অখিলেশ যাদৱৰ বিৰুদ্ধে দূৰ্নিতী প্ৰতিৰোধকাৰী আইনৰ আধাৰত অধিবক্তা বিশ্বনাথ চতুৰ্বেদীয়ে আয়তকৈ অধিক সম্পত্তি থকা বুলি এক গোচৰ ৰুজু কৰি চিবিআইৰ তদন্তৰ দাবী কৰিছিল ।

ABOUT THE AUTHOR

...view details