নিউজ ডেস্ক, ১৭ জুন :ডিস্ক'ভাৰী চেনেলে বিগত বৰ্ষৰ মে' মাহত উৰিষ্যাত সংঘটিত হোৱা ভয়ংকৰ “ফনী” ৰ ওপৰত দুটা ভাগত তথ্য চিত্ৰ নিৰ্মাণ কৰিছে । যি ভয়ংকৰ বতাহত ৮৯ জন লোকৰ মৃত্যু হৈছিল ।
চেনেল কতৃপক্ষই জনোৱা অনুসৰি, তথ্যচিত্ৰ খন ২০ জুনত নিশা ৯ বজাত ডিস্ক'ভাৰী আৰু ডিস্ক'ভাৰী এইচ ডি চেনেলত প্ৰচাৰিত হ'ব । লগতে ২৩ জুনত ডিস্ক'ভাৰী মোবাইল এপ্লিকেছনত প্ৰচাৰিত হ'ব ।