অসম

assam

ETV Bharat / bharat

COVID-১৯ আৰু এখন পত্ৰ, পঢ়িলে চকু সেমেকি উঠিব আপোনাৰ.. - এগৰাকী মহিলাৰ আৱেগিক ভৰা পত্ৰ

মহামাৰী COVID-১৯ ৰ পৰা আৰোগ্য লাভ কৰিয়ে চিকিৎসক দললৈ উদ্দেশ্য কৰি এগৰাকী মহিলাৰ আৱেগ ভৰা এখন পত্ৰ । পত্ৰত ধন্যবাদ জ্ঞাপন মহিলাগৰাকীৰ । বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই ধন্যবাদসূচক পত্ৰখন । কি কৈছিল মহিলাগৰাকীয়ে চালে চকু সেমেকি উঠিব আপোনাৰ ।

Discharged from Covid, person's letter to doctors goes viral
Discharged from Covid, person's letter to doctors goes viral

By

Published : Apr 27, 2020, 7:05 PM IST

Updated : Apr 27, 2020, 9:34 PM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ শেহতীয়াকৈ চৰ্চালৈ আহিছে এগৰাকী মহিলাই চিকিৎসক দলক উদ্দেশ্য কৰি লিখা এখন পত্ৰ । য'ত মহিলাগৰাকীয়ে আৱেগিকভাৱে কেতবোৰ কথা উল্লেখ কৰি সকলো চিকিৎসক, কৰ্মীলৈ ধন্যবাদ জ্ঞাপন কৰে । সম্প্ৰতি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই পত্ৰখন ।

উল্লেখ্য যে, ভূজৰ মাধাপাৰৰ কৃষ্ণা পাৰ্ক ছ'চাইটিৰ এগৰাকী ২৭ বছৰীয়া মহিলা আৰু ক'টাদা মাধ গাঁৱৰ এজন ৬২ বছৰীয়া লোক আক্ৰান্ত হৈছিল COVID-১৯ ত । দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকাৰ অন্তত, COVID-১৯ ৰ পৰা আৰোগ্য হোৱাৰ পাচতেই দুয়োকে চিকিৎসালয়ৰ পৰা মুকলি কৰা হয় ।

তাৰ পাচতেই ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে চিকিৎসক দলটোলৈ এখন আৱেগ ভৰা পত্ৰ লিখে মহিলাগৰাকীয়ে । পিচত সেই পত্ৰখন সংবাদমেলত ৰাজহুৱা কৰে জিলা স্বাস্থ্য় বিভাগে ।

দৰাচলতে, মাধপুৰৰ এই মহিলাগৰাকীৰ পৰিয়ালৰ তিনিজন লোকৰ দেহত ধৰা পৰিছিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি । তিনিওকে একেখন চিকিৎসালয়তে চিকিৎসা প্ৰদান কৰা হৈছিল । আক্ৰান্ত হোৱা লোক কেইজন হৈছে মহিলাগৰাকীৰ লগতে তেওঁৰ শাহু আৰু শহুৰ । মহিলাগৰাকী আৰোগ্য হোৱাৰ পাঁচদিন পূৰ্বে শাহুয়েক আৰোগ্য় হৈ ঘৰলৈ উভতে । কিন্তু মহিলাগৰাকীৰ শহুৰেকৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল ।

মহিলাগৰাকীয়ে আৰোগ্য লাভ কৰি লিখি যোৱা পত্ৰখনত উল্লেখ কৰিছিল,শাহু মা আৰোগ্য হ'ল, এতিয়া শহুৰকো আৰোগ্য কৰি দিয়ক, ঘৰলৈ যাবলৈ ।উল্লেখ্য যে, শহুৰেকৰ মৃত্যু হোৱা বুলি মহিলাগৰাকী জ্ঞাত নহয় ।

আনহাতে পত্ৰখনৰ আৰম্ভণিতে লিখিছে, সকলোৱে সহযোগিতা আৰু শুশ্ৰুষা কৰাৰ বাবে ধন্যবাদ । ঘৰতো এনে শুশ্ৰুষা লাভ কৰিবলৈ সমৰ্থ নহ'লো হয় । মনোৰোগ বিশেষজ্ঞ কৰিশ্মা মেডামে সাহস আৰু আত্ম বিশ্বাস জগাই তুলিছিল । মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ সহায় কৰিছিল । সকলোৱে বহুত শুশ্ৰুষা কৰিছে । সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ । জয় হিন্দ, বন্দে মাতৰম, পুনৰবাৰ ধন্যবাদ ।

ইয়াৰ লগতে তেওঁ পত্ৰখনত উল্লেখ কৰিছিল, সকলো কৰ্মী বিশাল অন্তৰৰ অধিকাৰী । সকলোৱে সুন্দৰকৈ কথা পাতিছিল । তেওঁলোকে মোক কান্দিবলৈ মানা কৰিছিল । দুদিনৰ ভিতৰতেই মই আৰোগ্য হৈ ঘৰলৈ যাব পাৰিম বুলি কৈছিল । তেওঁলোক সত্য আছিল । আপোনালোকৰ আশীষ আৰু মোৰ মনত আশা জগোৱাৰ বাবে ধন্যবাদ । ডায়েট্ৰিচিয়ানে মোৰ সকলো খাদ্যৰ তালিকা প্ৰস্তুত কৰি দিছিল । আমি এইবোৰ কেতিয়াও পাহৰিব নোৱাৰো । সকলো আমাৰ বাবে ভগৱান । ধন্যবাদ সকলোলৈ । এতিয়া অতি সোনকালে পাপাজিক (শহুৰ) ঘৰলৈ পঠিয়াই দিয়ক । ক্ষমা কৰিব যদি কাৰোবৰ নাম উল্লেখ কৰিবলৈ ৰৈ গৈছে । পুনৰবাৰ ধন্যবাদ সকলোকে ।

আনহাতে ৬২ বছৰীয়া লোকজনেও হাস্পতাল ত্যাগ কৰাৰ পূৰ্বে সকলো ষ্টাফক ধন্যবাদ জ্ঞাপন কৰি, মদ্যপানৰ পৰা দূৰত থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । লোকজনৰ এই সিদ্ধান্তক চিকিৎসক সকলেও প্ৰশংসা কৰিছে । চিকিৎসকে প্ৰায় ২-৩ মাহ ধৰি স্বাস্থ্যৰ যত্ন লোৱাৰ পৰামৰ্শ প্ৰদান কৰিছে লোকজনক ।

Last Updated : Apr 27, 2020, 9:34 PM IST

ABOUT THE AUTHOR

...view details