নিউজ ডেস্ক,13 জুলাইঃমহামাৰীয়ে বহু দেশৰ অৰ্থব্যৱস্থাত প্ৰভাৱ পেলাইছে ৷ সামাজিক দুৰত্ব আৰু অন্য সাৱধানতা কৰ'ণা যুদ্ধৰ বাবে অপৰিহাৰ্য হৈ পৰিছে ৷ চলি থকা সংকটে নবীন শিক্ষা আৰু শাসন মডেলৰ বাবে পথ প্ৰশস্ত কৰিছে ৷ বিগত দিনত তেলেংগানা চৰকাৰে নিয়ন্ত্ৰণৰ এক নীতি নিৰ্দেশনা প্ৰস্তুত কৰিছিল যি সমগ্ৰ ৰাজ্যখনৰ ৰাজহুৱা কাৰ্যালয় সমূহ নিৰীক্ষণ কৰিব ৷
সম্প্ৰতি চৰকাৰখনে COVID-19 নিয়ন্ত্ৰণৰ অংশ ৰূপে আঁকোৱালি লৈছে e-governance ৷ ডিজিটেল মডেলে বিশ্বাসযোগ্যতা আৰু পাৰদৰ্শিতাৰ সুবিধা প্ৰদান কৰে ৷ বেছিভাগ ৰাজ্যতে আঞ্চলিক কাৰ্যালয় আৰু সচিবালয়ত অনলাইন ব্যৱস্থাক প্ৰাধান্য দিয়া হৈছে ৷ অন্যান্য ৰাজ্যৰ ভিতৰত কেৰালাতে সৰ্বপ্ৰথমে ই-লাৰ্নিং আৰম্ভ কৰা হৈছিল ৷ 40 মিলিয়ন শিক্ষাৰ্থীক ডিজিটেল পাঠদানৰ সুবিধা কৰি দিয়া হৈছিল ৷ 2014চনত কেৰালাত এটা ৱেব অফিচ স্থাপন কৰা হৈছিল ৷ চৰকাৰী বহু কাম অনলাইন যোগে সঞ্চালন কৰাৰ ব্যৱস্থা কৰা হৈছিল ৷ হাৰিয়ানা চৰকাৰেও ই-অফিচৰ প্ৰণালী আৰম্ভ কৰিছিল,প্ৰধানমন্ত্ৰী ভিজন সম্পূৰ্ণ কৰিবৰ বাবে ৷
"ন্যূনতম চৰকাৰ, অধিকতম শাসন" ধাৰা অৱলম্বন কৰি উত্তৰ পূবৰ ৰাজ্যসমূহতো ই-অফিচ স্থাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলি আছে ৷ ই-অফিচ ব্যৱস্থাই কামৰ গুণাগুণ বৃদ্ধি কৰাৰ লগতে যথেষ্ট সময়ো ৰাহি কৰে ৷ চৰকাৰী কাৰ্যালয়ত দীঘলীয়া শাৰী আৰু ঘোচ প্ৰৱণতাৰ পৰা হাত সাৰিব পৰা যাব ৷ এই সকলোবাৰ সম্ভৱ কৰি তুলিবৰ বাবে প্ৰত্যেক নাগৰিকে ইন্টাৰনেট ব্যৱহাৰ কৰিব লাগিব ৷
2015 চনত ভাৰত চৰকাৰে ভাৰতবৰ্ষক এক কৰি তুলিবৰ বাবে ডিজিটেল ইণ্ডিয়া অভিযান আৰম্ভ কৰিছিল ৷ এই অভিযানৰ জৰিয়তে সমাজখনক ডিজিটেলি শক্তিশালী কৰাৰ লক্ষ্য ৷ নতুন টেলিকম আঁচনি অনুসৰি 2022 চন পৰ্যন্ত প্ৰত্যেক নাগৰিকে 50এম.বীপী.এস সাৰ্বভৌমিক ব্ৰডবেণ্ড কভাৰেজ লাভ কৰিব ৷
এই বৰ্ষৰ আৰম্ভণিতে কেন্দ্ৰই ঘোষণা কৰে যে, 1,30,000 গাঁও আৰু 48,000গাঁও পঞ্চায়ত ভাৰত নেট পৰিযোজনাত ডিজিটেল ৰূপত সংযুক্ত হ'ব ৷কিন্তু বাস্তৱত অন্য এখন প্ৰতিচ্ছবিহে প্ৰতীয়মান হৈছে ৷ কেৱল 8 শতাংশহে এই পদক্ষেপ কাৰ্যকৰী হৈছে ৷