অসম

assam

ETV Bharat / bharat

নিৰ্বাচনী চুক্তিপত্ৰই ৰাজনৈতিক ধন লেনদেনৰ স্বচ্ছতা অনাত সহায় কৰিছেনে ?

বিদেশী অৰিহণা নিয়ন্ত্ৰণ আইন বা চমুকৈ এফ চি আৰ এ এই ক্ষেত্ৰত বিপজ্জনক মাধ্যম । এনে ধৰণৰ উৎসৰ পৰা অহা ধনৰাশি সন্দেহজনক প্ৰকৃতিৰ হ’ব পাৰে আৰু দাতাৰ পৰিচয় লুকাই ৰাখিব পাৰে । দীৰ্ঘকালীনভাৱে বিদেশৰ পৰা অঙা আমাৰ দেশলৈ অহা এই ধনে আমাৰ দেশৰ ৰাজনৈতিক ব্যৱস্থাটোকো প্ৰভাৱিত কৰিব পাৰে ।

নিৰ্বাচনী চুক্তিপত্ৰই ৰাজনৈতিক ধন লেনদেনৰ স্বচ্ছতা অনাত সহায় কৰিছেনে ?
নিৰ্বাচনী চুক্তিপত্ৰই ৰাজনৈতিক ধন লেনদেনৰ স্বচ্ছতা অনাত সহায় কৰিছেনে ?

By

Published : Mar 10, 2020, 10:31 AM IST

কিছুদিন পূৰ্বে বিত্ত মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে এক লিখিত উত্তৰযোগে সংসদত জনোৱা অনুসৰি নিৰ্বাচন আয়োগে নিৰ্বাচনত চৰকাৰী সাহায্য প্ৰদানৰ পক্ষপাতী নহয়। তেওঁ উল্লেখ কৰামতে নিৰ্বাচন আয়োগে চৰকাৰী সাহায্য প্ৰদানৰ পক্ষপাতী নহয় । কিয়নো ইয়াৰ ফলত চৰকাৰে প্ৰদান কৰা খৰচৰ ওপৰত প্ৰাৰ্থীয়ে বা তেওঁৰ হৈ আনে কৰা খৰচৰ হিচাপ ল’বলৈ আয়োগ সক্ষম নহ’ব।তেওঁৰ মতে আয়োগৰ উদ্দেশ্য হৈছে প্ৰকৃত সমস্যাবোৰ সমাধান কৰা। ব্যৱস্থাটোক সম্পূৰ্ণ স্বচ্ছতা প্ৰদানৰ উদ্দেশ্যে ৰাজনৈতিক দলসমূহে লাভ কৰা ধন আৰু সেই ধন খৰচ কৰাৰ মাধ্যম সম্পৰ্কে ব্যাপক পৰিৱৰ্তন সাধন কৰাটো প্ৰয়োজন। ফলত ২০১৬ চনত বিমুদ্ৰাকৰণৰ পাছতে প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত চৰকাৰী সাহায্য আগবঢ়োৱাৰ বাবে দিয়া প্ৰস্তাৱ নিৰ্বাচন আয়োগে নাকচ কৰিছে। প্ৰধানমন্ত্ৰীয়ে দুৰ্নীতি হ্ৰাস কৰা,চৰকাৰী আৰু নিৰ্বাচন ব্যৱস্থাৰ সময় ৰাহি কৰাৰ বাবে একে সময়তে লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ সপক্ষে মত পোষণ কৰিছিল ।

নিৰ্বাচনী চুক্তিপত্ৰই ৰাজনৈতিক ধন লেনদেনৰ স্বচ্ছতা অনাত সহায় কৰিছেনে ?

যদিও নিৰ্বাচন আয়োগে নিৰ্বাচনত চৰকাৰী সাহায্যৰ প্ৰস্তাৱৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে মন্ত্ৰীগৰাকীৰ মতে ভাৰতীয় নিৰ্বাচন ব্যৱস্থাত ধনবলৰ প্ৰভাৱ নাইকিয়া কৰাত আৰু ৰাজনৈতিক অৰ্থ সাহায্যত স্বচ্ছতা অনাৰ বাবে চৰকাৰখন দায়বদ্ধ। তেওঁ উল্লেখ কৰা অনুসৰি নগদ ধনৰ লেনদেনক নিৰুৎসাহিত কৰিবলৈ আৰু ৰাজনৈতিক অৰ্থ সাহায্যত স্বচ্ছতা অনাৰ বাবে চৰকাৰে আয়কৰ আইন সংশোধন কৰিছে আৰু ২০০০ টকাৰ ওপৰত বেনামী নগদ ধনৰ আদান-প্ৰদান বন্ধ কৰিছে । তেওঁ লগতে কয় যে প্ৰতিষ্ঠিত হিচাপ পৰীক্ষকৰ সৈতে চৰকাৰে ২০১৮ চনত নিৰ্বাচনী চুক্তিপত্ৰ প্ৰৱৰ্তন কৰিছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে নিৰ্বাচনী চুক্তিপত্ৰৰ লগত জড়িত আইনৰ পৰিৱৰ্তনে ৰাজনৈতিক বৰঙণিৰ ক্ষেত্ৰত স্বচ্ছতা আনিবলৈ সক্ষম হ’বনে ? ৰাজনৈতিক দলসমহে নিৰ্বাচনী চুক্তিপত্ৰৰ নামত কেনেদৰে ধন লাভ কৰে সেয়া ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে ই প্ৰতিষ্ঠিত ডাঙৰ দলসমূহৰ ৰাজনৈতিক ধন লাভৰ প্ৰক্ৰিয়াটো অধিক গোপনীয় আৰু সুবিধাজনক কৰি তুলিছে। নতুনকৈ প্ৰতিষ্ঠা লাভ কৰা সৰু আঞ্চলিক দলসমূহে সমস্যাৰ সন্মুখীন হৈছে ।

২০১৮ চনৰ জানুৱাৰী মাহত প্ৰৱৰ্তন কৰা নিৰ্বাচনী চুক্তিপত্ৰৰ জৰিয়তে ৰাজনৈতিক দলসমূহক আৰ্থিক সাহায্য প্ৰদান কৰাৰ নতুন ব্যৱস্থাটোৰ মতে। যিকোনো ভাৰতীয় নাগৰিক বা ভাৰতত প্ৰতিষ্ঠিত কোম্পানীয়ে ভাৰতীয় ষ্টেট বেংকৰ নিৰ্দিষ্ট শাখাৰ পৰা নিৰ্বাচনী চুক্তিপত্ৰ ক্ৰয় কৰিব পাৰিব। এহাজাৰ,দহ হাজাৰ,এক লাখ,দহ লাখ,আৰু এক কোটিত উপলব্ধ এই চুক্তিপত্ৰ ক্ৰয় কৰি পছন্দৰ ৰাজনৈতিক দলসমূহক পোন্ধৰ দিনৰ ভিতৰত বৰঙণি আগবঢ়াব পাৰিব। এই ধন লাভ কৰা ৰাজনৈতিক দলটোৱে একেবাৰে শেহতীয়াকৈ হোৱা বিধানসভা বা লোকসভা নিৰ্বাচনত মুঠ ভোটৰ কমেও এক শতাংশ লাভ কৰিব লাগিব। ইয়াৰ ফলত নতুনকৈ পঞ্জীয়ন লাভ কৰা আঞ্চলিক দলসমূহৰ সমস্যাৰ সৃষ্টি হৈছে । কিয়নো এক শতাংশ ভোট লাভ কৰাটো সহজ কথা নহয়। ইয়াৰ বিপৰীতে প্ৰতিষ্ঠিত জনপ্ৰিয় দলসমূহক এই ব্যৱস্থাই সহায় কৰিছে ।

নিৰ্বাচনী চুক্তিপত্ৰই আনকি ৰাজনৈতিক ধন প্ৰদান ব্যৱস্থাত স্বচ্ছতা অনাত সহায় কৰা নাই। আইন অনুসৰি ৰাজনৈতিক দলসমূহক বৰঙণি আগবঢ়োৱা লোকসকলৰ পৰিচয় গোপনে ৰাখিব লাগে। ৰাজনীতিত ক’লা ধনৰ প্ৰভাৱ নিঃশেষ কৰাৰ সলনি পৰিচয়ৰ গোপনীয়তাই ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ ক'লা ধন ৰাজনৈতিক দলসমূহক বৰঙণি হিচাপে সৰবৰাহ কৰাত সহায় কৰিব। বিগত কিছু বছৰত নিৰ্বাচন প্ৰক্ৰিয়াত অধিক উন্নত কৰাৰ সলনি আমি ব্যৱস্থাটোক বেকা আৰু আবদ্ধ কৰি পেলাইছো। প্ৰকৃত সংস্কাৰৰ নামত সামান্য কামহে কৰা হৈছে । বিদেশী অৰিহণা নিয়ন্ত্ৰণ আইন বা চমুকৈ এফ চি আৰ এ এই ক্ষেত্ৰত বিপজ্জনক মাধ্যম । এনে ধৰণৰ উৎসৰ পৰা অহা ধনৰাশি সন্দেহজনক প্ৰকৃতিৰ হ’ব পাৰে আৰু দাতাৰ পৰিচয় লুকাই ৰাখিব পাৰে। দীৰ্ঘকালীনভাৱে বিদেশৰ পৰা আমাৰ দেশলৈ অহা এই ধনে আমাৰ দেশৰ ৰাজনৈতিক ব্যৱস্থাটোকো প্ৰভাৱিত কৰিব পাৰে ।

নিৰ্বাচনী প্ৰক্ৰিয়াটো সংস্কাৰ কৰাৰ এক উদ্দেশ্যৰে প্ৰৱৰ্তন কৰা নিৰ্বাচনী চুক্তিপত্ৰৰ দুৰ্বলতা আৰু সীমাবদ্ধতাসমূহে ভাৰতৰ নিৰ্বাচনত ক’লা ধনৰ প্ৰভাৱ ৰোধ কৰাৰ প্ৰত্যাহ্বানসমূহকে প্ৰতিফলিত কৰে । এই নিৰ্বাচনী চুক্তিপত্ৰই মাথো দীৰ্ঘদিনৰে পৰা চলি অহা ৰাজনৈতিক দলসমূহক চৰকাৰৰ সাহায্য প্ৰদানৰ বিতৰ্কটোক পুনৰ উকমুকাবলৈ দিছে । আমি ইয়াক নিৰ্বাচনী ৰাজনীতিৰ সংস্কাৰ সাধনৰ সুবৰ্ণ সুযোগ হিচাপে ব্যৱহাৰ কৰিব লাগে। বিভিন্ন সময়ত যদিও বহু ৰাজনৈতিক দলে ৰাজনৈতিক সংস্কাৰৰ বাবে তেওঁলোকৰ দায়বদ্ধতাৰ কথা কয়,প্ৰকৃতাৰ্থত তেওঁলোকৰ এই দায়বদ্ধতাৰ মাত্ৰা তেনেই নিম্নমানৰ । কিয়নো সংস্কাৰৰ প্ৰয়োজন হোৱা বৰ্তমানৰ ব্যৱস্থাটোৰ দ্বাৰা তেওঁলোকো লাভান্বিত ।

যিহেতু এই দলসমূহৰ মাজৰ পৰাই চৰকাৰ গঠন কৰা হয় আৰু নীতি প্ৰস্তুত কৰে,সেয়ে ৰাজনৈতিক অৰ্থ সাহায্যৰ উৎসৰ বিষয়ে ভোটাৰসকলে জনাৰ অধিকাৰ আছে । তেনে ধৰণৰ অৰ্থ সাহায্যৰ ফলতেই চৰকাৰে কিছুসংখ্যক বৃহৎ ব্যৱসায়িক গোষ্ঠাৰ স্বাৰ্থত কাম কৰিবলৈ লয়। ৰাজনৈতিক দলসমূহক ব্যৱসায়িক গোষ্ঠীসমূহে ধন প্ৰদান কৰা বুলি ৰাইজে বিশ্বাস কৰিবলৈ বাধ্য হয়। ঔদ্যোগিক প্ৰতিষ্ঠানৰ দ্বাৰা সমৰ্থিত এখন চৰকাৰ বুলি পূৰ্বৰ ইউ পি এ চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল। কিন্তু ছবছৰ পাছত এই বস্তুবোৰ বৰ বেছি সলনি হোৱা নাই ।

মিডিয়া অধ্যয়ন কেন্দ্ৰৰ এক অধ্যয়নমতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহ আৰু প্ৰাৰ্থীসকলে প্ৰায় ৬০ হাজাৰ কোটি টকাখৰচ কৰিছিল । এয়া আছিল ভাৰতবৰ্ষই সাক্ষী হোৱা আটাইতকৈ ব্যয়বহুল নিৰ্বাচন । মুঠ খৰচৰ ৪৫ শতাংশই শাসকীয় ভাৰতীয় জনতা পাৰ্টীৰ হোৱাটোৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ধনবলৰ প্ৰয়োজনীয়তাৰ কথাকে প্ৰমাণ কৰে। এগৰাকী প্ৰাৰ্থীয়ে ৰাজনৈতিক প্ৰচাৰত ব্যয় কৰিবলগীয়া ধনৰ ঊৰ্ধ সীমা হৈছে আশী লাখ টকা। কিন্তু এই নিয়ম নিৰ্বাচনত সচেতনাৰে অৱতীৰ্ণ হোৱা প্ৰায় সকলো প্ৰাৰ্থীয়ে অৱমানানা কৰে। সমগ্ৰ ৰাজনৈতিক দৃশ্যপটটো এতিয়া কোটিৰতিসকলৰ বাবে ক্ষমতা আহৰণৰ বাবে ধন ব্যয় কৰাৰ আছুতীয়া কক্ষ হৈ পৰিছে । বৰ্তমানৰ ব্যৱস্থাটো নিৰীক্ষণ,মূল্যায়ণ, দল আৰু প্ৰাৰ্থীক এইক্ষেত্ৰত দায়বদ্ধ কৰাত বিফল হৈছে । নিৰ্বাচনী চুক্তিপত্ৰই এই দিশত কোনোপধ্যে সহায় কৰা নাই ।

নিৰ্বাচনী প্ৰক্ৰিয়াত এক সামগ্ৰিক সংস্কাৰৰ প্ৰয়োজন আছে। ৰাজনৈতিক অৰ্থ সাহায্যৰ ক্ষেত্ৰত স্বচ্ছতা তাৰে অন্যতম । দায়বদ্ধতা আৰু স্বচ্ছতা গণতান্ত্ৰিক ব্যৱস্থাৰ দুটা প্ৰধান মূল্যবোধ। গতিকে ৰাজনৈতিক ধন আদান-প্ৰদানে ইয়াক একাষৰীয়া কৰিব নালাগে। নিয়ম ভংগকাৰীৰ শাস্তি প্ৰদান কৰিব পৰা ক্ষমতাসম্পন্ন এক নিয়ন্ত্ৰণকাৰী সংস্থা অবিহনে এই উদ্দেশ্যত উপনীত হ’ব নোৱাৰি আৰু ভাৰতীয় নিৰ্বাচনসমূহ এনে এক খেলপথাৰ হৈ পৰিব য’ত ধনবল থকাসকলে ৰাজনৈতিক খেল খেলি থাকিব আৰু নথকাসকলে তেওঁলোকৰ আঙুলিত নাচি থাকিব ।

*সঞ্জয় কুমাৰ দিল্লীস্থিত উন্নয়নশীল সমাজ অধ্যয়ন কেন্দ্ৰৰ অধ্যাপক । তেওঁ এগৰাকী ৰাজনৈতিক বিশ্লেষক । লেখাটোত ব্যক্ত কৰা মতামতসমূহ তেওঁৰ ব্যক্তিগত ।

** নীল মাধৱ দিল্লী বিশ্ববিদ্যালয়ৰ সাংবাদিকতাৰ শিক্ষাৰ্থী । উন্নয়নশীল সমাজ অধ্যয়ন কেন্দ্ৰৰ লোকনীতি নামৰ এক গৱেষণা প্ৰকল্পৰ লগতো তেওঁ জড়িত ।

লেখকঃ -সঞ্জয় কুমাৰ

লেখকঃ -নীল মাধৱ

মধ্যপ্ৰদেশত ৰাজনৈতিক খহনীয়া, কেবিনেটৰ মন্ত্ৰীৰ সমূহীয়া পদত্যাগ

লগতে চাওকঃ

ABOUT THE AUTHOR

...view details