স্প'ৰ্টচ ডেস্ক,16 জানুৱাৰীঃবি চি চি আই কৰ্তৃপক্ষই প্ৰকাশ কৰিলে 2020 বৰ্ষৰ বাবে খেলুৱৈৰ বাৰ্ষিক কণ্ট্ৰেক্ট তালিকা ৷ এই তালিকাত 27 জন খেলুৱৈৰ নাম আছে যদিও নাম অন্তৰ্ভুক্ত নহ’ল প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ তালিকাৰ পৰা ধোনীৰ নাম বাদ পৰাত একাংশ খেলুৱৈয়ে প্ৰাক্তন অধিনায়কগৰাকীৰ ক্ৰিকেট জীৱনৰ ভৱিষ্যৎ সম্পৰ্কে শংকা ব্যক্ত কৰিছে ৷ 2019 চনৰ বিশ্বকাপৰ ছেমি ফাইনেলতেই নিউজিলেণ্ডৰ বিপক্ষে শেষৰখন খেল খেলিছিল মহেন্দ্ৰ সিং ধোনীয়ে ৷
ধোনী আছিল কণ্ট্ৰেক্ট তালিকাৰ A শাখাত ৷ য’ত এগৰাকী খেলুৱৈয়ে বছৰি 5 কোটিকৈ টকা লাভ কৰে ৷ ভাৰতৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলী,ৰোহিত শৰ্মা আৰু যশপ্ৰীট বুমৰা আছিল A+ শাখাত ৷ য’ত একোজন খেলুৱৈয়ে লাভ কৰে 7 কোটি টকা ৷
ক্ৰম অনুযায়ী বিভিন্ন শাখাত থকা ক্ৰিকেটাৰসকল হৈছে -
A+ শাখা : (7 কোটি)
বিৰাট কোহলী, ৰোহিত শৰ্মা, যশপ্ৰীট বুমৰা