অসম

assam

ETV Bharat / bharat

লুধীয়ানাৰ ব্ৰিটিছৰ দিনৰ জৰাজীৰ্ণ ছবিগৃহকলৈ দুখ প্ৰকাশ বৰ্ষীয়ান অভিনেতা ধৰ্মেন্দ্ৰৰ - বলিউড

লুধীয়ানাস্থিত ব্ৰিটিছৰ দিনৰ এটি ছবিগৃহক লৈ টুইটাৰযোগে দুখ প্ৰকাশ বলিউডৰ বৰ্ষীয়ান অভিনেতা ধৰ্মেন্দ্ৰ দৌলৰ । ১৯৩৩ চনত নিৰ্মাণ কৰা ছবিগৃহটো জৰাজীৰ্ণ অৱস্থাত থকাৰ বাবেই দুখ প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে ।

 ধৰ্মেন্দ্ৰ দৌল
ধৰ্মেন্দ্ৰ দৌল

By

Published : Jul 6, 2020, 3:02 PM IST

Updated : Jul 6, 2020, 5:03 PM IST

নিউজ ডেস্ক, ৬ জুলাইঃবলীউডৰ অভিনেতা ধৰ্মেন্দ্ৰ দৌলে শনিবাৰে লুধীয়ানাৰ অন্যতম তথা পুৰণি ছবিগৃহ 'ৰিখী'ৰ সৈতে জড়িত থকা স্মৃতি তথা ছবিগৃহটোৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি দুখ প্ৰকাশ কৰে । টুইটাৰযোগে অভিনেতা গৰাকীয়ে ছবিগৃহটোৰ এখন ফটো শ্বেয়াৰ কৰি লিখে যে, Rikhy cinema, ludhiyana..... unginnat filmen dekhi hain yahaan......ye sannata......dekh kar.....dil udaas ho gaya mera.

উল্লেখ্য যে, লুধীয়ানাত স্থাপন কৰা এই চিনেমা হলটো ব্ৰিটিছৰ দিনৰে, অথাৎ ১৯৩৩ চনতে স্থাপন কৰা । কিন্তু ব্ৰিটিছৰ দিনত স্থাপন কৰা এই ছবিগৃহটো বৰ্তমানও পৰিত্যক্ত অৱস্থাত আছে । যাৰ বাবে টুইটাৰযোগে দুখ প্ৰকাশ কৰে বলীউড বৰ্ষীয়ান অভিনেতা ধৰ্মেন্দ্ৰ দৌলে ।

Last Updated : Jul 6, 2020, 5:03 PM IST

ABOUT THE AUTHOR

...view details