নিউজ ডেস্ক, 26 ডিচেম্বৰ: মুম্বাইস্থিত এছিয়াৰ সৰ্ববৃহৎ বস্তি অঞ্চল ধাৰৱীত ক’ৰণা ভাইৰাছ নিয়ন্ত্ৰণ কৰা বিষয়টোৱে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থায়ো ধাৰৱীত ক’ৰণা ভাইৰাছ নিয়ন্ত্ৰণ কৰা ক্ষেত্ৰত বৃহান মুম্বাই মিউনিচিপাল কৰ্পৰেছনে গ্ৰহণ কৰা ভূমিকাক প্ৰশংসা কৰে ৷ পৃথিৱীৰ আটাইতকৈ ঘন বসতিৰ অঞ্চলটোত এপ্ৰিল মাহত প্ৰথমজন ক'ৰণা ৰোগী চিনাক্ত কৰাৰ পাছত ইয়াত দ্ৰুত গতিত বদ্ধি পাব ধৰিছিল ক’ৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা । অতি কম সময়ৰ ভিতৰতে মুম্বাইত ধাৰৱীক কৰ'ণা ভাইৰাছৰ হটস্পট হিচাপে চিহ্নিত কৰা হৈছিল ৷
ধাৰাৱীত এপ্ৰিল, মে মাহত ক্ৰমে 60 টাৰ পৰা 70 টা নতুন ঘটনা পোৱা গৈছিল ৷ অৱশেষত, বিএমচি আৰু ব্যক্তিগত চিকিৎসক সকলে অঞ্চলটোৰ লোকসকলক ৰাজপথলৈ উলিয়াই আনি ক’ভিড পৰীক্ষণ কৰিবলৈ লয় ৷ এই লোকসকলৰ সংস্পৰ্শলৈ অহা তথা সন্দেহজনক ৰোগী আৰু লোকসকলক সময় নিৰ্ধাৰিত চিকিৎসা প্ৰদান কৰাৰ লগতে বিএমচিয়ে কনটেইনমেন্ট জ'নৰ ভিতৰত থকা লোকসকলক ৰাখিবৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰে ৷