অসম

assam

ETV Bharat / bharat

এয়াৰলাইনছ সংস্থাক টিকট বিক্ৰী নকৰিবলৈ নিৰ্দেশনা - কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী

অসামৰিক বিমান পৰিবহনৰ মহানিৰ্দেশকে দেশৰ বিমান পৰিবহনকাৰী সংস্থাসমূহক এতিয়াই টিকট বিক্ৰী নকৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে । দেওবাৰে এক পত্ৰযোগে এই নিৰ্দেশনা জাৰী কৰে দেশৰ অসামৰিক বিমান পৰিবহন সেৱাৰ মহানিৰ্দেশকে ।

DGCA directs airlines to stop taking bookings
এয়াৰলাইনছ সংস্থাক টিকট বিক্ৰী নকৰিবলৈ নিৰ্দেশনা

By

Published : Apr 20, 2020, 11:04 AM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ বাবে দেশব্যাপী লকডাউন বৃদ্ধি কৰাৰ সময়তে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন সংস্থাই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । দেশৰ অসামৰিক বিমান পৰিবহন সেৱাৰ মহানিৰ্দেশকে দেওবাৰে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান পৰিবহনৰ ক্ষেত্ৰত জাৰী কৰে এই নিৰ্দেশনা ।

দ্বিতীয়লানি লকডাউন শেষ হোৱাৰ পিচতে ৪ মে'ৰ পৰা আৰম্ভ হোৱাকৈ দেশৰ ব্যক্তিগত খণ্ডৰ যাত্ৰীবাহী বিমান পৰিবহনকাৰী সংস্থাসমূহে টিকট বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল । কিন্তু এনে অৱস্থাত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দেশৰ সকলো বিমান পৰিবহনকাৰী সংস্থাক চৰকাৰে পৰৱৰ্তী নিৰ্দেশনা প্ৰদান নকৰা পৰ্যন্ত টিকট বিক্ৰী বন্ধ কৰি ৰাখিবলৈ নিৰ্দেশনা আগবঢ়ায় ।

ইয়াৰ পিচতেই দেওবাৰে অসামৰিক বিমান পৰিবহনৰ মহানিৰ্দেশকে এক বিজ্ঞপ্তি জাৰী কৰে । বিজ্ঞপ্তিটোত সকলো এয়াৰলাইছকে পৰৱৰ্তী নিৰ্দেশ প্ৰদান নকৰা পৰ্যন্ত টিকট বিক্ৰী বন্ধ কৰি ৰাখিবলৈ কোৱা হয় ।

লগতে পঢ়কঃনন-কনটেইনমেন্ট এলেকাত 20 এপ্ৰিলৰ পৰা প্ৰদান কৰা হ'ব কিছু শিথিলতা : স্বাস্থ্য মন্ত্ৰণালয়

ABOUT THE AUTHOR

...view details