নেশ্যনেল ডেস্ক, 16 জুলাই :কিছুদিন পূৰ্বে উত্তৰ প্ৰদেশ বিশেষ টাস্ক ফৰ্ছৰ হাতত নিধন হোৱা গেংষ্টাৰ বিকাশ ডুবেই 1998 চনতেই প্ৰাণ হেৰুৱালেহেঁতেন ৷ কিন্তু, ডুবেলৈ লক্ষ্য কৰা এটা গুলী সামান্য লক্ষ্যভ্ৰষ্ট হোৱাৰ বাবে বাছি গৈছিল গেংষ্টাৰজন ৷
বৰ্তমান বলৰামপুৰ আদালতত মুখ্য কনিষ্টবল হিচাপে কৰ্মৰত দেবেন্দ্ৰ প্ৰতাপ সিং ৷ 1998 চনতে তেওঁ বিকাশ ডুবেৰ এনকাউন্টাৰ কৰাৰ সুযোগ লাভ কৰিছিল ৷ সেই সময়ত কল্যাণপুৰ আৰক্ষী চকীৰ বিশেষ স্কোৱাডৰ অংশ আছিল দেবেন্দ্ৰ ৷ বিকাশ ডুবেই কোনো অপৰাধ সংঘটিত কৰিবলৈ কানপুৰলৈ যোৱাৰ তথ্য প্ৰদান কৰিছিল বিজেপি নেতা সন্তোষ শুক্লাই ৷
সিঙে কয়, "আৰক্ষী চকীৰ ওচৰত আমি বেৰিকেড লগাইছিলো ৷ আমি জানিছিলো যে, তেওঁ বহু চতুৰ আৰু বেৰিকেড ভাঙি পেলাব ৷ আশংকা কৰাৰ দৰেই তেওঁ গুলীবৰ্ষণ কৰিছিল আৰু এজন আৰক্ষী বিষয়াৰ ওপৰেৰে বাইক চলাই পলায়ন কৰিছিল ৷"
"তেওঁ পলাই গৈছিল যদিও আমি তেওঁৰ পিছা লৈছিলো ৷ মই তেওঁলৈ গুলীয়াইছিলো যদিও লক্ষ্যভ্ৰষ্ট হৈছিলো ৷ তেতিয়া তেওঁ পৰি গৈছিল আৰু প্ৰায় 30 ছেকেণ্ড সময় মই তেওঁক ধৰি ৰাখিছিলো ৷ ইয়াৰ পাচতে অতিৰিক্ত বাহিনী উপস্থিত হৈছিল আৰু কৰায়ত্ত কৰিছিল ৷"