অসম

assam

ETV Bharat / bharat

CAA সন্দৰ্ভত আমি নিজৰ স্থিতিত অটলঃ অমিত শ্বাহ - তৃণমুল কংগ্ৰেছৰ মমতা বেনাৰ্জী

গৃহমন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰি উল্লেখ কৰে যে অযোধ্যাত গগণচুম্বী ৰাম মন্দিৰ নিৰ্মাণ আৰু আগন্তুক তিনি মাহৰ ভিতৰত এই ৰাম মন্দিৰৰ কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰে ৷

Despite protests, CAA will not be withdrawn: Amit Shah
CAA সন্দৰ্ভত আমি নিজৰ স্থিতিত অটলঃ অমিত শ্বাহ

By

Published : Jan 21, 2020, 4:53 PM IST

নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃসংশোধিত নাগৰিকত্ব আইনক লৈ বিৰোধীয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰি থকা বুলি উল্লেখ কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷ মঙলবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্মৌত এক জনসভা সম্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে যিমানে প্ৰতিবাদ নকৰক কিয় এই আইন বাতিল কৰা নহয় বুলি উল্লেখ কৰে ৷

আনহাতে এই সভাত অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰি উল্লেখ কৰে যে অযোধ্যাত গগণচুম্বী ৰাম মন্দিৰ নিৰ্মাণ হ’ব আৰু আগন্তুক তিনি মাহৰ ভিতৰত এই ৰাম মন্দিৰৰ কাম আৰম্ভ হ’ব ৷

ইয়াৰোপৰি কংগ্ৰেছ, সমাজবাদী দল, বহুজন সমাজবাদী দল আৰু তৃণমুল কংগ্ৰেছে নাগৰিকত্ব সংশোধনী আইনক লৈ সৰ্বসাধাৰণক ভুল পথে পৰিচালিত কৰা বুলি কটাক্ষ কৰে ৷ লগতে তেওঁ কয় নাগৰিকক নাগৰিকত্ব প্ৰদানৰ অৰ্থে নাগৰিকত্ব আইনক সংশোধন কৰা হৈছে ৷ এই নাগৰিকত্ব আইন সন্দৰ্ভত চৰকাৰ নিজৰ স্থিতিত অটল বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

আনহাতে গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছসহ বিৰোধীৰ নেতাসমূহক এখন যৌথ মঞ্চ গঠন কৰি নাগৰিকত্ব সংশোধনী আইনক লৈ চৰ্চা কৰিবলৈ আহ্বান জনায় ৷ তেওঁ এই ক্ষেত্ৰত প্ৰত্যাহ্বান জনাই কংগ্ৰেছ নেতা ৰাহুল গান্ধী, সমাজবাদী দলৰ অখিলেশ যাদৱ আৰু মায়াৱতী তথা তৃণমুল কংগ্ৰেছৰ মমতা বেনাৰ্জীৰ নাম উল্লেখ কৰে ৷

লগতে অমিত শ্বাহে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, ভোট বেংকৰ ৰাজনীতিয়ে কংগ্ৰেছক অন্ধ কৰি পেলাইছে ৷ দেশ বিভাজনৰ বাবে কংগ্ৰেছেই দায়ী বুলিও মন্তব্য আগবঢ়ায় দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৷

আৰু পঢ়কঃকেন্দ্ৰৰ এন.পি.আৰ মানি নলয় কেৰালা চৰকাৰে

ABOUT THE AUTHOR

...view details