নেশ্যনেল ডেস্ক,24 ডিচেম্বৰ : প্ৰচণ্ড শীতকো নেওচি আদালতৰ নিৰ্দেশ মৰ্মে চাকৰি হেৰুওৱাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ত্ৰিপুৰাৰ সহস্ৰাধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ৷ ক্ৰমানুসাৰে 17 দিন ধৰি প্ৰতিবাদ অব্যাহত ৰখা শিক্ষক-শিক্ষয়িত্ৰীসকলে চৰকাৰৰ নতুন পদসমূহকো নস্যাৎ কৰে ৷
যুটীয়া আন্দোলন সমিতি (JMC)য়ে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰে,য’ত সমিতিয়ে মুখ্য ন্যায়াধীশ শ্বৰদ অৰবিন্দ বোবডেক সাক্ষাৎ কৰাৰ বাবে অনুৰোধ জনায় ৷ উল্লেখ্য যে,বুধবাৰে উচ্চ ন্যায়ালয়ত ই-সেৱা কেন্দ্ৰ মুকলি কৰাৰ বাবে উপস্থিত হৈছিল মুখ্য ন্যায়াধীশ গৰাকী ৷
ক’লা বেজ পিন্ধি পৰিধান কৰি আন্দোলনকাৰী শিক্ষকসকলে চিজেআইৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰি বেনাৰ আৰু প্লে’কাৰ্ড প্ৰদৰ্শন কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰৰ নেতৃত্বৰ এটা 5 জনীয়া প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক সাক্ষাৎ কৰি এই সমস্যা সমাধানৰ বাবে অনুৰোধ জনায় ৷
মুখ্যমন্ত্ৰীৰ পাচত ৰাজ্যিক শিক্ষা আৰু আইন মন্ত্ৰী ৰতল লাল নাথে বিভিন্ন বিভাগৰ 9000 টা খালী পদত শিক্ষকসকলক নিযুক্তি দিয়াৰ বাবে আহ্বান জনায় ৷ চৰকাৰে অধিসূচনা কৰা এই খালী পদসমূহত "গ্ৰুপ চি" আৰু "গ্ৰুপ ডি" পদ আছে, কিয়নো বেছিভাগ চৰকাৰী শিক্ষক "গ্ৰুপ চি" শ্ৰেণীৰ কৰ্মচাৰীৰ সমতুল্য ।
পূৰ্বৰ বাঁও মৰ্চা চৰকাৰক অভিযুক্ত কৰি মন্ত্ৰী নাথে পূৰ্বৰ কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া (এম)ৰ নেতৃত্বত চৰকাৰে ভুল সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁলোকৰ দিনত 10,323 গৰাকী চৰকাৰী শিক্ষকে চাকৰি হেৰুওৱা বুলি মন্তব্য কৰে ৷