অসম

assam

By

Published : Aug 12, 2020, 8:17 PM IST

ETV Bharat / bharat

অবিশ্বাস্য: এইয়া যেন পৃথিৱীত অৱস্থিত এলিয়েনৰ গাঁও

বাস্তবতঃ মানুহৰ বাবে সকলো সহজ তথা সম্ভৱ ৷ তাৰেই যেন উদাহৰণ বহন কৰে ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনৰ ঠিক বাহিৰৰ ব্ৰাণ্ডবি চহৰত অৱস্থিত গাৰ্ডেন চিটিয়ে ৷

পৃথিৱীত অৱস্থিত এলিয়েনৰ গাঁও
পৃথিৱীত অৱস্থিত এলিয়েনৰ গাঁও

নেশ্যনেল ডেস্ক, 12 আগষ্ট: সেউজ ৰঙৰ এটা বিশাল ডিস্ক, পিজ্জাৰ দৰেই অনুৰূপ আকৃতিৰ ৷ প্ৰতিটো পিজ্জাৰ টুকুৰাৰ মাজত আছে একে বিন্যাসৰে একোটাকৈ ঘৰ ৷ চেটেলাইট অথবা ড্ৰোণৰ সৈতে যদি আপুনি সেই দৃশ্য দেখে, এনে লাগিব যেন এলিয়েনে তৈয়াৰ কৰা কোনো সামগ্ৰী ৷ এই পৃথিৱীৰ মানুহে যে এনে কোনো নিৰ্মাণকাৰ্য কৰিব পাৰে সেই কথা সপোনতো ভৱা নাযায় ৷ কিন্তু বাস্তবতঃ মানুহৰ বাবে সকলো সহজ তথা সম্ভৱ ৷

প্ৰকৃততে এই দৃশ্য ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনৰ ঠিক বাহিৰৰ ব্ৰাণ্ডবি চহৰত অৱস্থিত ৷ বহু ঘৰেৰে নিৰ্মিত এইয়া এক বৃহৎ বৃত্ত ৷ সমগ্ৰ এলেকাটোৰ নাম ব্ৰাণ্ডবি গাৰ্ডেন চিটি ৷

সেউজীয়াৰ স'তে মানুহৰ চকুৰ এটা বেলেগ আকৰ্ষণ আছে ৷ এই গাৰ্ডেন চিটিও সেউজীয়া গছেৰে ভৰা ৷ এই স্থানে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে ৷ কি নাই এই ঠাইত ! ৰাস্তা, ঘৰ, গাড়ী, মানুহ সকলো আছে ৷ নাই মাত্ৰ চহৰৰ কোলাহল ৷ এইয়া যেন সেউজীয়াৰে আবৃত্ত সাধুকথাৰ দেশ ৷ ৰং-বিৰঙৰ ফুল, মুকলি বতাহ, চাৰিওদিশে নিস্তব্ধতা ৷ শাক-পাচলিও নিজেই উৎপাদন কৰে এই ঠাইৰ বাসিন্দাই ৷

ইয়াত যে ঘৰসমূহ আছে, সেই সকলো ঘৰৰে আয়তন 50 বৰ্গ কিলোমিটাৰ ৷ 1964 চনত নিৰ্মাণ কৰা হৈছিল এই গাৰ্ডেন চিটি ৷ এই গাৰ্ডেন নিৰ্মাণ কৰে ব্ৰাণ্ডবি পৌৰ নিগম কৰ্তৃপক্ষই ৷ এই বৃত্তাকাৰ বিন্যাস নিৰ্মাণৰ আঁৰত আছে বিশেষ কাৰণ ৷ যিসকল লোকে ইয়াতে থাকিব তেওঁলোকৰ মাজত যাতে সামাজিক যোগাযোগ অধিক বৃদ্ধি হয় সেই বাবেই এই বিন্যাস গঠন কৰা হৈছিল ৷ অষ্টাদশ শতিকাৰ ডেনমাৰ্কৰ গাঁওসমূহ দেখাত এনে আছিল ৷

গাৰ্ডেন চিটিৰ সেই ঘৰসমূহত ভাড়াও দিয়া হয় ৷ সেই ঘৰ সমূহৰ ভাড়াৰ মূল্য প্ৰায় 150 মাৰ্কিন ডলাৰ ৷

লগতে পঢ়ক:আজৱ: ঘৰিয়ালেও বগাব পাৰে গছ

ABOUT THE AUTHOR

...view details