অসম

assam

PUBGৰ আসক্তিঃ দুছেও কৰি পিতৃক হত্যা কৰিলে পুত্ৰই

By

Published : Sep 9, 2019, 9:34 PM IST

বৰ্তমান সময়ত যুৱপ্ৰজন্ম তথা অনলাইন গেমছ খেলি ভাল পোৱাসকলৰ মাজত সমাদৃত এটা জনপ্ৰিয় খেল হৈছে PUBG ৷ কিন্তু শেহতীয়াকৈ অপৰাধমুলক কাৰ্যকলাপৰ বাবে বদনাম হৈ পৰিছে অনলাইন PUBG গেমছ ৷ এইবাৰ PUBG খেলি থকা সময়ত গালি পৰাৰ বাবেই মাতৃক বন্ধ কোঠাত আৱদ্ধ কৰি ৰখাৰ লগতে পিতৃক ডিঙি আৰু ভৰি কাটি হত্যা কৰে কৰ্ণাটকৰ এগৰাকী যুৱকে ৷

PUBGৰ আসক্তিঃ পুত্ৰই হত্যা কৰিলে পিতৃক

নিউজ ডেস্ক, 9 ছেপ্তেম্বৰঃ যুৱ প্ৰজন্ম তথা উঠি অহা প্ৰজন্মৰ বাবে খেল-ধেমালি খুবেই গুৰুত্বপূৰ্ণ ৷ মানসিক তথা শাৰিৰীক অৱস্থাৰ উন্নতি সাধনৰ বাবে খেল-ধেমালিৰ প্ৰয়োজনীয়তা কোনোৱে নুই কৰিব নোৱাৰে ৷ কিন্তু বৰ্তমানৰ ডিজিটেল পৃথিৱীত গা-কৰি উঠা বহুকেইটা অনলাইন গেমছ যুৱ-প্ৰজন্মৰ বাবে অভিশাপস্বৰূপ হৈ পৰিছে ৷ শেহতীয়াকৈ অনলাইন গেমছৰ বাবেই যুৱপ্ৰজন্মৰ মাজত গা কৰি উঠিছে অপৰাধপ্ৰৱণতাই ৷

কৰ্ণাটকৰ বেলাগাভী জিলাত সংঘটিত এক হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ ৷ 21 বছৰীয়া পুত্ৰই PUBG (PlayerUnknown’s Battlegrounds)খেলিবলৈ নিদিয়াৰ বাবেই হত্যা কৰে নিজৰ 65 বছৰীয়া বৃদ্ধ পিতৃক ৷ পিতৃক ডিঙি আৰু দুভৰি কাটি দুছেও কৰি হত্যা কৰাৰ লগতে মাতৃকো আন এটা কোঠালিত আৱদ্ধ কৰি ৰাখে পুত্ৰই ৷ নিহত লোকজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰাপ্পা কুম্বাৰ বুলি চিনাক্ত কৰাৰ লগতে হত্যাকাৰী পুত্ৰক ৰঘুবীৰ কুম্বাৰ বুলি জনাইছে কৰ্ণাটক আৰক্ষীয়ে ৷

পিতৃ হত্যাকাৰী পুত্ৰ ৰঘুবীৰ কুম্বাৰ

উল্লেখ্য যে, PUBG খেলিবলৈ বাধা দি অহাৰ বাবেই বিগত দেওবাৰৰ মাজনিশা শুই থকা অৱস্থাত পিতৃক কাটি দুছেও কৰে পুত্ৰই ৷ শান্তিৰে PUBG খেলিবলৈ নোপোৱাৰ বাবেই পিতৃক হত্যা কৰা বুলি উল্লেখ কৰে হত্যাকাৰী পুত্ৰ ৰঘুবীৰে ৷ ইয়াৰ পূৰ্বেই নতুন দিল্লীত এগৰাকী 19 বছৰীয়া যুৱকে PUBG খেলিবলৈ বাধা দিয়াৰ বাবেই হত্যা কৰিছিল পিতৃ-মাতৃ আৰু ভগ্নীক ৷

ABOUT THE AUTHOR

...view details