অসম

assam

ETV Bharat / bharat

আন্না বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহলাত ভাগৱত গীতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ বিৰোধিতা - DMK on Bhagwat Geeta in Anna University

তামিলনাডুৰ আন্না বিশ্ববিদ্যালয়ত সংস্কৃত ভাষা জাপি দিয়াৰ অভিযোগেৰে দ্ৰাৱিড় মুন্নেটা কাজগামৰ ছাত্ৰ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ বিশ্ববিদ্যালয়খনৰ অভিযান্ত্ৰিক মহলাত ভাগৱত গীতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰিছে ডিএমকেৰ ছাত্ৰ সংগঠনটোৱে ৷

আন্না বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহলাত ভাগৱত গীতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ বিৰোধিতা ডিএমকেৰ ছাত্ৰ সংগঠনৰ

By

Published : Oct 1, 2019, 11:12 PM IST

নেচনেল ডেস্ক,1 অক্টোবৰঃতামিলনাডুৰ দ্ৰাৱিড় মুন্নেটা কাজগামৰ ছাত্ৰ সংগঠনে মংগলবাৰে আন্না বিশ্ববিদ্যালয়ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই সংস্কৃত ভাষা জাপি দিয়াৰ অভিযোগ তুলি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ উল্লেখ্য যে বিশ্ববিদ্যালয়খনে শেহতীয়াভাৱে তেওঁলোকৰ অভিযান্ত্ৰিক বিদ্যাপীঠত ভাগৱত গীতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যখনৰ অগ্ৰণী ৰাজনৈতিক দল ডিএমকে ই আদি কৰি দলটোৰ ছাত্ৰ সংগঠনে তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰিছে ৷ দলটোৰ সভাপতি এম কে ষ্টেলিনে বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তক গৰিহণা দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে বাৰম্বাৰ ভাষা আৰু নৃ-গোষ্ঠীয়জনিত বিষয় উত্থাপন কৰি থকাৰ অভিযোগ তোলে ৷ আনহাতে ছাত্ৰ সংগঠনটোৰ জিলা সম্পাদক এজহিলাৰাচানে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক পাঠ্যক্ৰমৰ পৰা ভাগৱত গীতা প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে ৷ তেখেতে কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়াভাৱে সংস্কৃত ভাষা জাপি দিব খোজা মানসিকতাক সমালোচনা কৰে ৷ লগতে ছাত্ৰ সংগঠনটোৱে অভিযান্ত্ৰিক পাঠ্যক্ৰমত ভাগৱত গীতা কোনো প্ৰাসংগিকতা নাই বুলি মন্তব্য কৰে ৷ তদুপৰি পাঠ্যক্ৰমৰ পৰা ভাগৱত গীতা প্ৰত্যাহাৰ নকৰা পৰ্যন্ত তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে ৷ মনকৰিবলগীয়া যে সংগঠনটোৱে ইয়াৰ পূৰ্বে নৱ-শিক্ষানীতিৰো বিৰোধিতা কৰিছিল ৷

আন্না বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহলাত ভাগৱত গীতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ বিৰোধিতা ডিএমকেৰ ছাত্ৰ সংগঠনৰ

ABOUT THE AUTHOR

...view details