অসম

assam

ETV Bharat / bharat

ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহলৈ অশনি সংকেত - SHAWIT MALIK

অত্যাধিক মাচুল লোৱা, বিদ্যালয়ৰ পৰা প্ৰকাশ কৰা কিতাপ বহী কিনিবলৈ বাধ্য কৰোৱা আদি প্ৰসংগ উত্থাপন কৰি আইন প্ৰণয়নৰ দাবী তুলিলে ৰাজ্যসভাত

ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ বিপদ

By

Published : Jul 26, 2019, 7:00 PM IST

শীঘ্ৰেই নাকী লাগিব পাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ৷ অত্যাধিক মাচুল,নামভৰ্তি মাচুল, বিদ্যালয় সমূহৰ পৰা প্ৰদান কৰা কিতাপ পত্ৰৰ বাবদ অত্যাধিক মূল্য সংগ্ৰহ কৰাৰ প্ৰসংগ উত্থাপন হ'ল ৰাজ্যসভাত ৷ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ পৰা অত্যাধিক হাৰত মাচুল সংগ্ৰহ কৰাৰ লগতে বছৰি মাছুল বৃদ্ধি কৰাক লৈ ৰাজ্যসভাৰ শূণ্যকালীন ঘন্টাত প্ৰশ্ন উত্থাপন কৰে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ শ্বইট মালিকে৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ সম্প্ৰতি জ্ঞানৰ মন্দিৰ নহয় ধন ঘটাৰ আহিলালৈ পৰিণত হোৱা বুলি প্ৰকাশ কৰে মালিকে৷ একাংশ লোকৰ বাবে বিদ্যালয় খোলাটো এতিয়া ব্যৱসায়ত পৰিণত হৈছে ৷

ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহলৈ অশনি সংকেত


উল্লেখ্য যে বেছিভাগ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলৰ পৰা বিদ্যালয় গৃহৰ পৰা আৰম্ভ কৰি বিদ্যালয়সমূহে নিজাববীয়াকৈ প্ৰস্তুত কৰা বহী, কিতাপ আদি ল'বলৈ বাধ্য কৰোৱা হয় ৷ দেশত অবাধ হাৰত বৃদ্ধি পোৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ নিয়ন্ত্ৰণ কৰাৰ বাবে এখন আইন প্ৰণয়ন কৰিবলৈ বিষয়টো ৰাজ্যসভাত উত্থাপন কৰে সাংসদজনে৷ এইক্ষেত্ৰত ৰাজ্যসভাত যদি বিধেয়ক গৃহীত হয় তেনেহ'লে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ সান্দহ খোৱা বালি তল যাব সেয়া নিশ্চিত ৷

ABOUT THE AUTHOR

...view details